–অমৃতসৰে দিব হিন্দু-শিখ ঐক্যৰ বাৰ্তা
চণ্ডীগড়, ২১ অক্টোবৰ (হি.স.)। অমাৱস্যা দিৱস উদয় সন্দৰ্ভত অব্যাহত থকা অনিশ্চয়তাৰ মাজতে মঙলবাৰে অমৃতসৰৰ স্বৰ্ণ মন্দিৰত উদযাপন কৰা হৈছে বন্দী মুক্ত দিৱস (বন্দী চোৰ দিৱস)। ইতিমধ্যে পঞ্জাৱৰ বহু ঠাইত সোমবাৰে দীপাৱলী উদযাপন কৰা হৈছে যদিও একাংশ জিলাত একেদিনাই বন্দী মুক্ত দিৱস আৰু দীপাৱলী উদযাপনৰ পৰম্পৰাৰ বাবে মঙলবাৰে উদযাপন কৰা হৈছে।
আজি পুৱাৰে পৰা ভাৰত তথা বিদেশৰ ভক্তসকল উপস্থিত হৈছে দৰবাৰ চাহাবত। সাধাৰণ দিনৰ তুলনাত আজি মুঠ ১.৫ৰ পৰা ২ লাখ ভক্তৰ আগমনৰ সম্ভাৱনা আছে। আজি সন্ধিয়া স্বৰ্ণ মন্দিৰত এক লাখ ঘিৰ বন্তি প্ৰজ্বলন কৰা হ’ব, আৰু ৰঙীন আতচবাজীয়ে সমগ্ৰ অঞ্চলটো পোহৰাই তুলিব। ইফালে দুৰ্গিয়ানা মন্দিৰত ভক্ত শ্ৰীৰামৰ ১৪ বছৰৰ পাছত অযোধ্যালৈ ঘূৰি অহাৰ উপলক্ষে দীপাৱলী উদযাপন কৰিব। এই সময়ছোৱাত প্ৰায় তিনি লাখ ভক্ত সমাগম হোৱাৰ সম্ভাৱনা আছে।
শ্ৰী হৰমন্দিৰ চাহাবৰ মুৰব্বী গ্ৰন্থি গিয়ানী ৰঘুবীৰ সিঙে কয় যে বন্দী চোৰ দিৱস (বন্দী চোৰ দিৱস) পোহৰ, স্বাধীনতা, ন্যায়ৰ প্ৰতীক। গুৰু হৰগোবিন্দ চাহাবে গোৱালিয়ৰ দুৰ্গত বন্দী হৈ থকা ৫২ জন ৰজাক মুক্ত কৰি অমৃতসৰলৈ উভতি আহে। উভতি অহাৰ লগে লগে সংগতে ঘিউৰ চাকি জ্বলাই বন্তিৰ মালা সজাই, আতচবাজী জ্বলাই আনন্দ উদযাপন কৰিছিল। তেতিয়াৰ পৰা এই দিনটো প্ৰতি বছৰে বন্দী মুক্ত দিৱস হিচাপে পালন কৰা হয়।
গিয়ানী ৰঘুবীৰ সিঙে কয় যে বন্দি মুক্ত হ’ল আনক মুক্ত কৰা। এই দিনটো আধ্যাত্মিক স্বাধীনতা, মানৱ অধিকাৰৰ জয়, অন্যায়ৰ বিৰুদ্ধে যুঁজৰ প্ৰতীক। প্ৰতিবছৰৰ দৰেই শ্ৰী হৰমন্দিৰ চাহাবতো প্ৰদীপেৰে আলোকিত কৰা হ’ব, আৰু বিশ্বৰ শিখ সংগটে গুৰু হৰগোবিন্দ চাহাবৰ স্মৃতিত স্বাধীনতাৰ নিদৰ্শন হিচাপে এই দিৱস উদযাপন কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া