তিনিচুকীয়া, ২১ অক্টোবৰ (হি.স.)। তিনিচুকীয়া জিলাৰ ডিগবৈ ৰাজহুৱা বাছ আস্থানত ডিগবৈ ৰটাৰী ক্লাবৰ তৰফৰ পৰা বিশুদ্ধ খোৱা পানী প্ৰকল্প স্থাপন কৰা হৈছে । বাছ আস্থানৰ যাত্ৰী সকলে এই পানী প্ৰকল্পটোৰ পৰা বিশুদ্ধ খোৱা পানী খাব পাৰিব । নিশ্চিতভাৱে এই পানী প্ৰকল্পৰ পৰা লোকসকল উপকৃত হ‘ব।
আজি প্ৰকল্পটো উদ্বোধন কৰে ডিগবৈ সম জিলা আৰক্ষী বিষয়া হিমাংশু গোহাই লগতে ডিগবৈ পৌৰ সভাৰ পৌৰপতি সুদীপ্ত দত্ত চৌধুৰীয়ে। অনুষ্ঠানত ডিগবৈ ৰটাৰী ক্লাবৰ শান্তনু ৰয়, পূৰ্ণ বড়া, ত্ৰিলোক গুপ্তা, অৰূপ গোস্বামী, প্ৰণৱ পাটোৱাৰী, সুনীল ফুকন, শৈলেস শৰ্মা আৰু সুনীল বৰগোহাঁই উপস্থিত থাকে । ইফালে পানী খোৱাৰ প্ৰকল্পটো পৰিস্কাৰ–পৰিচ্ছনি কৰি থবলৈ তথা ইয়াৰ সফল উপযোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে ক্লাৱৰ বিষয়ববীয়াসকলে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু