ছানাই তাকাইচি জাপানৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত
টকিঅ’, ২১ অক্টোবৰ (হি.স.)। জাপানৰ শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা ছানাই তাকাইচিক আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। মঙলবাৰে ঐতিহাসিক জয় নিশ্চিত কৰাৰ পাছত তাকাইচি জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয
साने ताकाइची के जापान की पहली महिला प्रधानमंत्री बनने की संभावना


টকিঅ’, ২১ অক্টোবৰ (হি.স.)। জাপানৰ শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা ছানাই তাকাইচিক আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। মঙলবাৰে ঐতিহাসিক জয় নিশ্চিত কৰাৰ পাছত তাকাইচি জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাকাইচিক অভিনন্দন জনাই তেওঁৰ নেতৃত্বত দুয়োখন দেশৰ মাজত কৌশলগত সম্পৰ্ক সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্ৰথম ৰাউণ্ডৰ ভোটগ্ৰহণত ২৩৭টা ভোট লাভ কৰি সংসদৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰে। জাপানৰ সংবিধান অনুসৰি সংসদৰ নিম্ন সদনত জয় চূড়ান্ত আৰু ইয়াৰ উচ্চ সদনৰ স্থিতিৰ ওপৰত কোনো প্ৰভাৱ নাই।

খবৰ অনুসৰি তাকাইচিয়ে গভীৰ নিশাৰ চুক্তিৰ জৰিয়তে সমৰ্থন লাভ কৰিছিল, যাৰ ফলত প্ৰধানমন্ত্ৰী পদৰ বাবে তেওঁৰ দাবী শক্তিশালী হৈ উঠিছিল। শক্তিশালী ৰক্ষণশীল মতাদৰ্শৰ তাকাইচিয়ে নিজকে জাপানৰ মাৰ্গাৰেট থেচাৰ বুলি কয়। তেওঁৰ এই জয়ক জাপানৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন হিচাপে দেখা গৈছে, প্ৰথমবাৰৰ বাবে এই পদত এগৰাকী মহিলা নিৰ্বাচিত হৈছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰেৰণ কৰা বাৰ্তাযোগে তাকাইচিক অভিনন্দন জনাই কয় যে, জাপানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে তাকাইচিক অভিনন্দন জনাইছো। আশাকৰোঁ ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande