নাওকাটাত ৯ দিনীয়া কাৰ্যসূচীৰে পূৱ ডেফেলী কেন্দ্ৰীয় ৰাস মহোৎসৱৰ কাৰ্যালয় মুকলি
বাক্সা, ২১ অক্টোবৰ (হি.স.)। নাওকাটাত ৯ দিনীয়া কাৰ্যসূচীৰে পূৱ ডেফেলী কেন্দ্ৰীয় ৰাস মহোৎসৱৰ কাৰ্যালয় মুকলি। নাওকাটাত ১৮ সংখ্যক পূৱ ডেফেলী কেন্দ্ৰীয় ৰাস মহোৎসৱৰ আজি আনুষ্ঠানিক ভাবে কাৰ্যালয় মুকলি কৰে । অনুষ্ঠানটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে অৱসৰ প্ৰা
নাওকাটাত ৯ দিনীয়া কাৰ্যসূচীৰে পূৱ ডেফেলী কেন্দ্ৰীয় ৰাস মহোৎসৱৰ কাৰ্যালয় মুকলি


বাক্সা, ২১ অক্টোবৰ (হি.স.)। নাওকাটাত ৯ দিনীয়া কাৰ্যসূচীৰে পূৱ ডেফেলী কেন্দ্ৰীয় ৰাস মহোৎসৱৰ কাৰ্যালয় মুকলি। নাওকাটাত ১৮ সংখ্যক পূৱ ডেফেলী কেন্দ্ৰীয় ৰাস মহোৎসৱৰ আজি আনুষ্ঠানিক ভাবে কাৰ্যালয় মুকলি কৰে । অনুষ্ঠানটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ, সমাজকৰ্মী গোলোক ৰাম কলিতাই ।

অহা ৫ নবেম্বৰৰ পৰা ১৩ নবেম্বৰলৈ ৯ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে । অনুষ্ঠানত ধৰ্মীয় কাৰ্যসূচীৰ লগতে অসমবাসীৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ প্ৰতি সন্মান জনায় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তা সকলে জনায় । ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি জ্যোতিষ নাৰ্জাৰী, কাৰ্যকৰী সভাপতি নৰেন্দ্ৰ নাথ দাস, উপ সভাপতি প্ৰমোদ শৰ্মা, সম্পাদক প্ৰদীপ বসুমতাৰী, সহকাৰী সম্পাদক দীগন্ত কলিতা, যতিন কুমাৰৰ লগতে কৰ্ণ দাস সমিতিৰ সদস্য সকলৰ উপস্থিতিত ১৫ খন উপ সমিতিৰ কাৰ্যকৰ্তা সকলক কাৰ্যভাৰ প্ৰদান কৰে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande