জুবিনময় নামৰূপৰ পুৰণি নিয়োগ বিনিময় কেন্দ্ৰৰ কালী পূজাৰ মণ্ডপ
ডিব্ৰুগড়, ২১ অক্টোবৰ (হি.স.)। অসমীয়া জাতিৰ মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ এমাহ উকলিছে। এতিয়াও শোকত ম্ৰিয়মাণ ৰাজ্যবাসী। উৎসৱ-পাৰ্বন, ধৰ্মীয় ৰীতি-নীতি সকলোতে কেৱল জুবিন আৰু জুবিন। জুবিনময় এনে এখন পূজা মণ্ডপ হৈছে নামৰূপৰ পুৰনি নিয়োগ বিনিময় কেন্দ্ৰৰ
জুবিনময় নামৰূপৰ পুৰণি নিয়োগ বিনিময় কেন্দ্ৰৰ কালী পূজাৰ মণ্ডপ


ডিব্ৰুগড়, ২১ অক্টোবৰ (হি.স.)। অসমীয়া জাতিৰ মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ এমাহ উকলিছে। এতিয়াও শোকত ম্ৰিয়মাণ ৰাজ্যবাসী। উৎসৱ-পাৰ্বন, ধৰ্মীয় ৰীতি-নীতি সকলোতে কেৱল জুবিন আৰু জুবিন। জুবিনময় এনে এখন পূজা মণ্ডপ হৈছে নামৰূপৰ পুৰনি নিয়োগ বিনিময় কেন্দ্ৰৰ কালী পূজা।

জুবিন গাৰ্গৰ গীত, উক্তি আৰু সৰগ যাত্ৰাৰে সজ্জিত মণ্ডপটি বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে । ইয়াৰ উপৰিও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে #justiceForZubeenGarg হেজটেগ মণ্ডপৰ মূল থিম হিচাপে ৰূপায়ন কৰিছে । এইদৰেই মৰমৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰা হৈছে নামৰূপত পূজা মণ্ডপত ৷

উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি। লগতে জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande