গুৱাহাটী, ২১ অক্টোবৰ (হি.স.)। উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনী (আৰপিএফ)ৰ দ্বাৰা মালিগাঁৱৰ ৰিজাৰ্ভ লাইনত চলিত বৰ্ষৰ আৰক্ষী স্মৰণ দিৱস গাম্ভীৰ্যপূৰ্ণভাৱে আৰু শ্ৰদ্ধাৰে উদযাপন কৰা হয়। অনুষ্ঠানটো নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা ৰেলৱে সুৰক্ষা বাহিনী আৰু আৰপিএছএফৰ জোৱান সকলৰ লগতে সাহসী আৰক্ষী জোৱান সকলক শ্ৰদ্ধাঞ্জলি আৰু সন্মান জনোৱা হয়। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় আৰু বৃহত্তৰ গুৱাহাটী অঞ্চলৰ জ্যেষ্ঠ বিষয়াবৰ্গ, আৰপিএফ/আৰপিএছএফৰ জোৱান আৰু কৰ্মচাৰীবৰ্গই আনুষ্ঠানিক পোছাক পৰিধান কৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু বীৰ শ্বহীদসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
জ্যেষ্ঠ বিষয়াবৰ্গৰ আগমনৰ পিছতেই আৰক্ষী স্মৰণ দিৱসৰ পেৰেড পুৱা ০৭:২০ বজাত আৰম্ভ হয়। এই উপলক্ষে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ প্ৰধান মুখ্য সুৰক্ষা আয়ুক্ত (পিচিএছচি) শ্ৰী পৰমশিৱ উপস্থিত থাকি সাধাৰণ অভিবাদন গ্ৰহণ কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰধান মুখ্য সুৰক্ষা আয়ুক্তই শ্বহীদ সকলৰ নাম পঢ়ি শুনায় আৰু তেওঁলোকৰ সৰ্বোচ্চ ত্যাগৰ সন্মানাৰ্থে পুষ্পস্তৱক অৰ্পণৰ অনুষ্ঠান অনুষ্ঠিত হয়। বেণ্ডে “শ্লো মাৰ্চ” বজায় আৰু পিচিএছচি/এনএফআৰে স্মৃতিসৌধত পুষ্পস্তৱক অৰ্পণ কৰে। এই পেৰেডত প্ৰয়াত আত্মাসকলৰ স্মৃতিত দুই মিনিটৰ মৌনতা অৱলম্বন কৰা হয়।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত লাষ্ট পোষ্ট, শোক শস্ত্ৰ আৰু আৰপিএফৰ পতাকা উত্তোলনৰ পিছত শ্ৰদ্ধাৰ চিহ্ন হিচাপে পতাকা অৰ্ধনমিত কৰা হয়। মৌনতা সম্পূৰ্ণ হোৱাৰ পিছত পতাকা পুনৰ সম্পূৰ্ণৰূপে উত্তোলন কৰা হয়।
ৰাষ্ট্ৰৰ সেৱাত সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা সাহসী আৰক্ষী জোৱানসকলক স্মৰণ আৰু সন্মান জনোৱাৰ উদ্দেশ্যে আৰক্ষী স্মৰণ দিৱস প্ৰতি বছৰে ২১ অক্টোবৰত দেশজুৰি উদযাপন কৰা হয়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ