তামুলপুৰ, ২১ অক্টোবৰ (হি.স.)। ২২ অক্টোবৰত তামুলপুৰত বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য মেলাৰ অনুষ্ঠিত কৰা হ'ব। তামুলপুৰ জিলা স্বাস্থ্য সমিতি আজি এক সংবাদমেল সম্বোধন কৰে। সংবাদমেল যোগে তামুলপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক হিতেশ চন্দ্ৰ কাকতিয়ে কয় যে- কাইলৈ অৰ্থাৎ ২২ অক্টোবৰত তামুলপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত পুৱা ৯.৩০ বজাৰ পৰা তামুলপুৰ বানিজ্য় মহাবিদ্য়ালয়ত বিধানসভা সমষ্টি ভিত্তিক এখনি মেগা স্বাস্থ্য মেলাৰ অনুষ্ঠিত কৰা হ'ব।
উল্লেখ্য যে তামুলপুৰ বানিজ্য় মহাবিদ্য়ালয়ত কাইলৈ অনুষ্ঠিত হ'বলগীয়া মেগা স্বাস্থ্য মেলাত ০ (শূণ্য)ৰ পৰা ১৮ বছৰ বয়সৰ সকলো শিশু তথা ছাত্ৰ-ছাত্ৰীক ৫০ বিধ ৰোগৰ চিকিৎসা বিনামূলীয়াকৈ আগবঢ়োৱা হ'ব বুলি সংবাদমেল যোগে উল্লেখ কৰাৰ লগতে ১৮ বছৰৰ ওপৰৰ ব্যক্তিয়েও স্বাস্থ্য মেলাত চিকিৎসা সেৱা লাভ কৰিব পাৰিব বুলি জনায়।
কাইলৈ অনুষ্ঠিত হ'বলগীয়া উক্ত কাৰ্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবা গৰাকী জনপ্ৰতিনিধিও উপস্থিত থাকিব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু