হুতী বিদ্ৰোহীয়ে মুকলি কৰি দিলে ৰাষ্ট্ৰসংঘৰ পাঁচজন কৰ্মচাৰী
এডেন, য়েমেন, ২১ অক্টোবৰ (হি.স.)। য়েমেনৰ হুতী বিদ্ৰোহীয়ে যোৱা সপ্তাহত অপহৰণ কৰা ৰাষ্ট্ৰসংঘৰ পাঁচজন কৰ্মচাৰীক মুকলি কৰি দিছে। তেওঁলোকক যোৱা সপ্তাহত ছানা’ত বন্দী কৰা হৈছিল। সোমবাৰে এই কথা ঘোষণা কৰে ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিক। ষ্টেফান ডু
হুতী বিদ্ৰোহীয়ে মুকলি কৰি দিলে ৰাষ্ট্ৰসংঘৰ পাঁচজন কৰ্মচাৰী


এডেন, য়েমেন, ২১ অক্টোবৰ (হি.স.)। য়েমেনৰ হুতী বিদ্ৰোহীয়ে যোৱা সপ্তাহত অপহৰণ কৰা ৰাষ্ট্ৰসংঘৰ পাঁচজন কৰ্মচাৰীক মুকলি কৰি দিছে। তেওঁলোকক যোৱা সপ্তাহত ছানা’ত বন্দী কৰা হৈছিল। সোমবাৰে এই কথা ঘোষণা কৰে ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিক।

ষ্টেফান ডুজাৰিকে কয় যে ৰাষ্ট্ৰসংঘৰ মুক্তিপ্ৰাপ্ত পাঁচোজন কৰ্মচাৰীয়েই য়েমেনৰ নাগৰিক। তেওঁ লগতে কয় যে হুতীয়ে সংস্থাটোৰ আন ১৫ জন আন্তঃৰাষ্ট্ৰীয় কৰ্মচাৰীকো ৰাষ্ট্ৰসংঘৰ চৌহদৰ ভিতৰত মুক্তভাৱে চলাচল কৰিবলৈ অনুমতি দিছে।

মন কৰিবলগীয়া যে হুতী বিদ্ৰোহীয়ে দীৰ্ঘদিন ধৰি ৰাজধানী ছানা, উপকূলীয় চহৰ হোদেইডা আৰু উত্তৰ প্ৰদেশ ছাদাত ৰাষ্ট্ৰসংঘ আৰু অন্যান্য কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছে। তেওঁলোকে দাবী কৰে যে আটকাধীন ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীসকলৰ লগতে অন্যান্য সংগঠন আৰু দূতাবাসৰ কৰ্মচাৰীসকলো চোৰাংচোৱা। অৱশ্যে এই দাবীক অস্বীকাৰ কৰিছে ৰাষ্ট্ৰসংঘই।

ইফালে, ডুজাৰিকে লগতে জনাইছে যে সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ইৰাণ, য়েমেন আৰু চৌদি আৰৱৰ বৈদেশিক মন্ত্ৰী আৰু নেতাসকলৰ সৈতে কৰ্মীসকলক আটক কৰাৰ সন্দৰ্ভত কথা পাতিছে।

তেওঁ কয় যে যিহেতু ৰাষ্ট্ৰসংঘই হুতীৰ সৈতে স্পৰ্শকাতৰ আলোচনাত লিপ্ত হৈছে, সেয়েহে ইৰাণ, য়েমেন, চৌদি আৰবকে ধৰি অঞ্চলটোৰ প্ৰভাৱ থকা সদস্য ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় কৰ্মীসকলক মুকলি কৰি দিয়াৰ সুবিধাৰ বাবে নিজৰ প্ৰভাৱ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়।

ইফালে সোমবাৰে পুৱা ইৰাণ সমৰ্থিত হুতী বিদ্ৰোহীয়ে শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণত নিহত তেওঁলোকৰ সামৰিক প্ৰধানৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। ছানাত ১০০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে অন্ত্যেষ্টিক্ৰিয়াত। যোৱা সপ্তাহত হুতীয়ে স্বীকাৰ কৰিছিল যে মেজৰ জেনেৰেল মহম্মদ আব্দুল কৰিম আল গামাৰী অন্যান্য বিদ্ৰোহী নেতাৰ সৈতে ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছিল। অৱশ্যে ইজৰাইলৰ কোনটো আক্ৰমণত তেওঁৰ মৃত্যু হৈছিল সেই কথা তেওঁলোকে স্পষ্ট কৰা নাই।

প্ৰায় দুমাহ পূৰ্বে ছানাত ইজৰাইলৰ বিমান আক্ৰমণত তেওঁলোকৰ প্ৰধানমন্ত্ৰী আহমেদ আল ৰাহাৱীকে ধৰি কেইবাজনো জ্যেষ্ঠ বিদ্ৰোহী নেতা নিহত হৈছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande