৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন
তামুলপুৰ, ২১ অক্টোবৰ (হি.স.)। ৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন। তামুলপুৰ জিলা সদৰত থকা ঐতিহাসিক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ আজি এক মাংগলিক কাৰ্যসূচীৰে ৬৮ সংখ্যক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। পূৰ্বৰেপৰা চলি অহা ঐতিহ্যবা
৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন


তামুলপুৰ, ২১ অক্টোবৰ (হি.স.)। ৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন। তামুলপুৰ জিলা সদৰত থকা ঐতিহাসিক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ আজি এক মাংগলিক কাৰ্যসূচীৰে ৬৮ সংখ্যক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। পূৰ্বৰেপৰা চলি অহা ঐতিহ্যবাহী এই ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপনৰ সময়ত উপস্থিত থাকে মহোৎসৱৰ আয়োজক সমিতিৰ সদস্যবৃন্দ, অঞ্চলিক ধৰ্মীয় নেতৃত্ব, লগতে বহু ভক্তবৃন্দ আৰু স্থানীয় তথা জ্যেষ্ঠ নাগৰিক সকল।

আয়োজক সকলে কয়, আগন্তুক দিনবোৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি, সংগীত অনুষ্ঠানৰ লগতে বিভিন্ন ধৰ্মীয় কাৰ্যসূচী, নাট-নৃত্য, সংগীত অনুষ্ঠান আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব। তামুলপুৰৰ ৰাস মহোৎসৱটোৱে প্ৰতিবছৰ স্থানীয় জনগণৰ মাজত ধৰ্মীয় সংহতি আৰু সাংস্কৃতিক ঐক্যৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰি আহিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande