ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা আঠজন বাংলাদেশী নাগৰিকক পুনৰ বাংলাদেশলৈ বিতাড়ণ
গুৱাহাটী, ২১ অক্টোবৰ(হি.স.)। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২১ অক্টোবৰত ঘোষণা কৰিছে যে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা আঠজন বাংলাদেশী নাগৰিকক পুনৰ বাংলাদেশলৈ বিতাড়িত কৰা হৈছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ চৰকাৰৰ স্থিতি প্ৰকাশ কৰিবলৈ ত
ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা বাংলাদেশী নাগৰিকৰ ছবি


গুৱাহাটী, ২১ অক্টোবৰ(হি.স.)। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২১ অক্টোবৰত ঘোষণা কৰিছে যে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা আঠজন বাংলাদেশী নাগৰিকক পুনৰ বাংলাদেশলৈ বিতাড়িত কৰা হৈছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ চৰকাৰৰ স্থিতি প্ৰকাশ কৰিবলৈ তেওঁ লিখিছে, ‘পৃথিৱীৰ ৭টা আশ্চৰ্য্য আৰু ৮ম আশ্চৰ্য্য হ’ল অবৈধ অনুপ্ৰৱেশকাৰীয়ে অবৈধভাবে অসমত প্ৰৱেশ কৰি আমাৰ ভুমি দখল কৰিবলৈ চেষ্টা কৰা।

মাত্ৰ এদিন পূৰ্বে একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতে পুনৰ এই বিতাড়নৰ ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰীয়ে বিগত ২০ অক্টোবৰত ১৮ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি পুনৰ বাংলাদেশলৈ ওভোতাই পঠোৱা বুলি বাতৰি প্ৰকাশ কৰিছিল।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande