-বাক্সাৰ লক্ষ্মীপুৰ ‘এ’ ব্লক গাঁৱত মুখ্যমন্ত্ৰী ঃ গাঁওবাসীৰ সৈতে বাৰ্তালাপৰ লগতেআৰক্ষীৰ গুলীত আহত ব্যক্তিদ্বয়ৰ চিকিৎসাৰ বাবে দুই লাখ টকাকৈ প্ৰদান-অঞ্চলটোৰ হৰি মন্দিৰ আৰু শিৱ মন্দিৰ দৰ্শন কৰি সেৱা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে,দুয়োটা ধৰ্মীয় স্থানৰ উন্নয়নৰ অৰ্থে ১০ লাখ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা
গুৱাহাটী, ২১ অক্টোবৰ (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাত উপস্থিত হৈ অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত দুজন ব্যক্তিক যোৱা ১৫ অক্টোবৰত বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱাৰ ঘটনাক কেন্দ্ৰ কৰি আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা জিলা খনৰ লক্ষ্মীপুৰ ‘এ’ ব্লক গাও পৰিদৰ্শন কৰে। উল্লেখ্য যে, এই ঘটনাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি নিয়ন্ত্ৰণৰ অৰ্থে আৰক্ষীয়ে গুলীচালনা পৰ্যন্ত কৰিবলগা হোৱা ঘটনাৰ ফলস্বৰূপে দীপক মেধি আৰু বিদ্যুৎ কলিতা নামৰ দুজন ব্যক্তি আহত হৈছিল।
মুখ্যমন্ত্ৰীয়ে আজি উক্ত ঘটনাত আহত দীপক মেধি আৰু বিদ্যুৎ কলিতাৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে আৰু দুই লাখ টকাকৈ ধনৰাশিৰ চেক আহত ব্যক্তি দুগৰাকীৰ চিকিৎসাৰ বাবে প্রদান কৰে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আহত ব্যক্তি দুগৰাকীৰ চিকিৎসাৰ অৰ্থে প্ৰয়োজনত অধিক সহায় আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে, মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজিৰ বাক্সা জিলা ভ্ৰমণকালতে লক্ষ্মীপুৰ ‘এ’ ব্লক গাঁও স্থিত হৰিমন্দিৰ দৰ্শন কৰি সেৱা আগবঢ়োৱাৰ লগতে গাঁওবাসীৰ সৈতেও মত বিনিময় কৰে। বাৰ্তালাপৰ কালচোৱাত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শান্তি আৰু উন্নয়নৰ দিশত সহায়-সহযোগিতা আগবঢ়াই যাবলৈ গীওবাসীক আহ্লান জনায়। তেওঁ লগতে মন্তব্য কৰে যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বিষয়টোক ৰাজ্য চৰকাৰে সৰ্বাধিক গুৰুত্ব প্রদান কৰিছে। বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত সঠিক দিশত চলি আছে বুলিও তেওঁ মন্তব্য কৰে। পৰিদৰ্শন কালচোৱাত মুখ্যমন্ত্ৰীয়ে হৰি মন্দিৰৰ উন্নয়নৰ বাবে ১০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। আনহাতে,মুখ্যমন্ত্ৰীয়ে আজি লক্ষ্মীপুৰ ‘এ’ব্লক গাঁওস্থিত শিৱ মন্দিৰটোও দৰ্শন কৰি সেৱা আগবঢ়োৱাৰ লগতে মন্দিৰটোৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১০ লাখ টকা আগবঢ়োৱাৰ কথা সদৰী কৰে।
এই উপলক্ষে জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়স্ত মল্লবৰুৱা, বিধায়ক ফণীধৰ তালুকদাৰৰ উপৰি জিলা আয়ুক্তসহ কেইবা গৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ