বাক্সাৰ চাউলকাডা নিকাছি আঞ্চলিক শ্ৰী শ্ৰী কালীপৃজা মহোৎসৱৰ ৭৫ সংখ্যক হীৰকজয়ন্তী সমাৰোহত জুবিনলৈ শ্ৰদ্ধাঞ্জলি
বাক্সা, ২১ অক্টোবৰ (হি.স.)। ৰাজ্য়ত হিয়াৰ আমঠু, গণশিল্পী জুবিন গাৰ্গ বিহীন প্ৰথমটো দীপাৱলী আৰু কালীপূজা উদযাপন কৰা হৈছে ৷ প্ৰিয় শিল্পীগৰাকীৰ বিয়োগত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী ৷ এইবাৰৰ কালীপূজাত নাই পূৰ্বৰ মাদকতা ৷ আটচবাজীৰ পৰিৱৰ্তে ৰাজ্যবাসীয়ে কেৱল
বাক্সাৰ চাউলকাডা নিকাছি আঞ্চলিক শ্ৰী শ্ৰী কালীপৃজা মহোৎসৱৰ ৭৫ সংখ্যক হীৰকজয়ন্তী সমাৰোহত জুবিনলৈ শ্ৰদ্ধাঞ্জলি


বাক্সা, ২১ অক্টোবৰ (হি.স.)। ৰাজ্য়ত হিয়াৰ আমঠু, গণশিল্পী জুবিন গাৰ্গ বিহীন প্ৰথমটো দীপাৱলী আৰু কালীপূজা উদযাপন কৰা হৈছে ৷ প্ৰিয় শিল্পীগৰাকীৰ বিয়োগত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী ৷ এইবাৰৰ কালীপূজাত নাই পূৰ্বৰ মাদকতা ৷ আটচবাজীৰ পৰিৱৰ্তে ৰাজ্যবাসীয়ে কেৱল চাকি আৰু ইলেক্টিক লাইট জ্বলাইয়েই দীপাৱলী উদযাপন কৰিছে ৰাজ্যবাসীয়ে ৷

বাক্সাৰ চাউলকাডা নিকাছি আঞ্চলিক শ্ৰী শ্ৰী কালীপৃজা মহোৎসৱৰ ৭৫ সংখ্যক হীৰকজয়ন্তী দহ দিনীয়া কাৰ্য সুচীৰ আজি আৰম্ভ কৰা হয় যদিও নাই পূৰ্বৰ উৎসাহ। নাই মানুহৰ সমাগম, নিকাছি অঞ্চলত কেৱল চাকি আৰু লাইট জ্বলাই প্ৰিয় শিল্পী জুবিনৰ গীতেৰে দিপাৱলী আৰু কালীপূজা উদযাপন কৰিছে ৷ ইফালে নিকাছি জেলৰ সন্মুখত যোৱা বুধবাৰে হোৱা অনাকাংক্ষিত অবৰ্ণনীয় ঘটনাই ও ব্যথিত কৰে অঞ্চলবাসী ৰাইজক। অঞ্চলটোৰ ৰাইজে তাত গৈছিল যদিও অপ্ৰীতিকৰ পৰিষ্টিতি কৰা নাছিল কিন্তু কোনোবা তৃতীয় পক্ষই ঘটনা সংঘটিত কৰি অঞ্চলটোলৈ বদনাম অনাৰ কথা দোহাৰে উদযাপন সমিতিৰ সম্পাদকগৰাকীয়ে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande