জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চিবিআই তদন্ত দাবী কংগ্ৰেছৰ
গুৱাহাটী, ২১ অক্টোবৰ(হি.স.)। মহানগৰীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আজি এক সংবাদ মেল সম্বোধন কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকী সংবাদ মেল খন সম্বোধন কৰে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।


গুৱাহাটী, ২১ অক্টোবৰ(হি.স.)। মহানগৰীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আজি এক সংবাদ মেল সম্বোধন কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকী সংবাদ মেল খন সম্বোধন কৰে।

সংবাদমেল খনত তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াক যথেষ্ঠ সমালোচনা কৰে। তেওঁ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভুমিকাক সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে,জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সঠিক দিশত আগবঢ়া নাই। তেও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত এছআইটিৰ দ্বাৰা নহয়, চিবিআইৰ দ্বাৰা কৰোৱাৰ দাবী জনায়। এছআইটিৰ দ্বাৰা হোৱা তদন্তত এক প্ৰভাৱশালী চক্ৰই বিধিপথালী দিয়াৰ সম্ভাৱনা আছে বুলি তেওঁ আশংকা প্ৰকাশ কৰে।

আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানুৰ ঘৰ চীল কৰা হৈছে তেন্তে পৰিয়ালৰ সদস্য সকলে কিদৰে ওলোৱা সমোৱা কৰি আছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। ৰাজ্য চৰকাৰৰ এক প্ৰভাৱশালী চক্ৰই পৰিয়ালটোৰ প্ৰতি সহানুভুতি প্ৰদৰ্শন কৰি থকা বুলি তেওঁ উল্লেখ কৰে। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আছিল ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগ। জুবিন গাৰ্গে কিয় ইয়াত চৰকাৰী আতিথ্য নাপালে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। জুবিন গাৰ্গৰ সৈতে কিয় দিয়া হোৱা নাছিল চৰকাৰী দেহৰক্ষী অথবা প্ৰ’টকল বিষয়া। উক্ত বিষয় সমূহত চৰকাৰৰ যথষ্ট হেমাহী কৰা বুলি তেওঁ দাবী উত্থাপন কৰে।

উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হৈছিল। জুবিন গাৰ্গৰ মৃত্য়ু সম্পৰ্কত শ্য়ামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে ধৰি সাত জন লোকক ইতিমধ্য়ে গ্ৰেপ্তাৰ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande