গুৱাহাটী, ২১ অক্টোবৰ (হি.স.)। “বহুজাতিক চাহ কোম্পানীৰ মালিক পক্ষই দীৰ্ঘসময় ধৰি দখল কৰি ৰখা হাজাৰ হাজাৰ বিঘা ভূমিৰ মালিকীস্বত্ব শ্ৰমিক সকলৰ হাতত তুলি দিয়াৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই সমগ্ৰ অসমৰ গ্ৰামীণ অৰ্থনীতি আৰু সমাজিক ব্যৱস্থাক সৱল কৰি তোলাত এক বৃহৎ ভুমিকা আগবঢ়াব বুলি ঘোষণা কৰে। অসম বিধানসভাৰ আগন্তক শীতকালীন অধিৱেশনত বিধেয়ক খন উত্থাপন কৰি আইন প্রস্তুত কৰাৰ জৰিয়তে অসমৰ লাখ লাখ চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতেই জনগোষ্ঠীটোৰ মাজত এক ইতিবাচক সামাজিক উত্তৰণৰ পথ প্ৰশস্ত হৈ পৰিছে”। এইদৰে মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই।
দলৰ দুগৰাকী মুখপাত্ৰ কিশোৰ কুমাৰ ভট্টাচাৰ্য্য আৰু কল্যান গগৈৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত দলৰ মুখপাত্ৰ গৰাকী আজি এইদৰে মন্তব্য প্রদান কৰি লগতে কয় যে-“কংগ্ৰেছৰ আমোলত লাখ লাখ বিঘা ভূমি বহুজাতিক কোম্পানীৰ মালিক পক্ষক পানীৰ দৰত ৯৯ বছৰৰ বাবে লীজত দি শ্ৰমিক সকলক ভূমিহীন কৰি ৰখা হৈছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মালিক পক্ষই এনেদৰে দখল কৰি ৰখা ভূমি এতিয়া শ্রমিক সকলক প্ৰদান কৰিবলৈ এক ঐতিহাসিক সিদ্ধান্ত ্ৰগ্ৰহণ কৰিছে।
মুখ্যমন্ত্ৰীৰ এনে বলিষ্ঠ সিদ্ধান্তই চাহ জনগোষ্ঠীৰ মাজত এক ইতিবাচক জন-জাগৰণ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ এসপ্তাহ নহোওতেই ২ লাখতকৈ অধিক লোকে ইতিমধ্যে ভূমিৰ অধিকাৰ বিচাৰি জিলা আয়ুক্ত তথা চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া ৱেবচাইটৰ জৰিয়তে আৱেদন কৰিছে। জনসাধাৰণৰ এনে সজাগতা সঁচাকৈ এক অভূতপূৰ্ব ঘটনা ৷ মুখ্যমন্ত্ৰীৰ ঘোষণাই এই বৃহৎ জনগোষ্ঠীটোক সামাজিক হীনমন্যতাৰ পৰা উলিয়াই আনি ৰাজ্যৰ উন্নয়নৰ মূল ধাৰাৰ সৈতে সংপৃক্ত কৰাত বিশেষভাৱে অৰিহণা আগবঢ়াব।”
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ