ইটানগৰ, ২১ অক্টোবৰ (হি.স.)। অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খোংছা বজাৰত যোৱা নিশা হঠাতে সংঘটিত হোৱা অগ্নিকাণ্ডত ২০খনতকৈও অধিক দোকান ভষ্মীভূত হয়। এই ঘটনাত সা-সম্পত্তিৰ ক্ষতিৰ মূল্য লাখ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।
দীপাৱলী উদযাপনৰ মাজতে ফটকা ফুটাই আনন্দ উল্লাসৰ মাজতে ফটকাৰ ফিৰিঙতি পৰি জুইৰ সূত্ৰপাত হোৱা এই জুই বজাৰখনত দ্ৰুতগতিত বিয়পি পৰা বুলি অনুমান কৰা হৈছে। পুৱা প্ৰায় ১ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীয়ে বহু কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে। কোনো লোকৰ মৃত্যু হোৱা নাই যদিও সা-সম্পত্তিৰ ক্ষতি যথেষ্ট হোৱা বুলি জানিব পৰা গৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ দলে গোটেই নিশা কাম অগ্নি নিৰ্বাপনৰ কামত ব্যস্ত থাকে যাৰ ফলত ওচৰৰ আৱাসিক অঞ্চললৈ জুইৰ শিখা বিয়পিব নোৱাৰিলে।
অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিবলৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই তদন্ত আৰম্ভ কৰিছে। দীপাৱলী উদযাপনৰ নিশা সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডই বহু দোকানীৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। তেওঁলোকৰ কৰ্মক্ষেত্ৰ জুইত জাহ যোৱাত আগন্তুক ভৱিষ্যত জীৱন যাপনক লৈ আশংকাত ভুগিছে। এইক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা উপযুক্ত ক্ষতিপূৰণ আদায় দিবলৈ আৰ্জি জনাইছে। ইফালে বৰ্তমান বিষয়াসকলে ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ পৰিসৰৰ মূল্যায়ন কৰি আছে আৰু অতি সোনকালে অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া