ভাৰত-পাকিস্তান সীমান্তত বিএছএফৰ জোৱানসকলৰ দীপাৱলী উদযাপন
চণ্ডীগড়, ২০ অক্টোবৰ (হি.স.)। দেশৰ সীমান্ত সুৰক্ষিত কৰি থকাৰ সময়তে ঘৰৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত্বত থকা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে নিজৰ কাৰ্যকৰী এলেকাত দীপাৱলী উদযাপন কৰে। সীমান্ত জিলাৰ গুৰদাসপুৰ ছেক্টৰৰ সীমান্তত বি এছ এফৰ জোৱানৰ সৈতে
बीएसएफ के जवान भारत पाक सीमा पर दीपावली मनाते हुए


बीएसएफ के जवान भारत पाक सीमा पर झूमते हुए


চণ্ডীগড়, ২০ অক্টোবৰ (হি.স.)। দেশৰ সীমান্ত সুৰক্ষিত কৰি থকাৰ সময়তে ঘৰৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত্বত থকা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে নিজৰ কাৰ্যকৰী এলেকাত দীপাৱলী উদযাপন কৰে। সীমান্ত জিলাৰ গুৰদাসপুৰ ছেক্টৰৰ সীমান্তত বি এছ এফৰ জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰা হয়। বি এছ এফৰ মহাপৰিদৰ্শক অতুল ফুলজালে মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

এই উপলক্ষে বিশেষ অতিথি হিচাপে উপস্থিত থাকে ডি আই জি আৰু বেটেলিয়নৰ কমাণ্ডেণ্ট যছৱিন্দৰ কুমাৰ বিৰ্দি। অনুষ্ঠানত বন্তি প্ৰজ্বলন, মিঠাই বিতৰণ, আতচবাজী বিতৰণ, আৰু এক সজীৱ সাংস্কৃতিক অনুষ্ঠানৰ লগতে সীমান্তত নিয়োজিত জোৱানসকলৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰা হয়। উৎসৱৰ বতৰত পৰিয়ালৰ পৰা আঁতৰি থাকি জাতি ৰক্ষাৰ বাবে তেওঁলোকৰ নিষ্ঠাৰ প্ৰশংসা কৰে মহাপৰিদৰ্শকগৰাকীয়ে। তেওঁৰ এই ভ্ৰমণে বি এছ এফ পঞ্জাৱৰ বিষয়া আৰু জোৱানসকলৰ মাজত উচ্চ মনোবল আৰু উৎসৱমুখৰ মনোভাৱৰ সৃষ্টি কৰিছিল, যিয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তত কৰ্তব্য, পৰম্পৰা আৰু সম্প্ৰীতিৰ প্ৰতি বাহিনীটোৰ দৃঢ় দায়বদ্ধতাক প্ৰতিফলিত কৰিছিল।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande