ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ দায়িত্ব গ্ৰহণ মান্ধনাৰ, কয়- শ্বট চয়নৰ অনুশোচনা
নতুন দিল্লী, ২০ অক্টোবৰ (হি স)। ইন্দোৰত অনুষ্ঠিত হোৱা মহিলা বিশ্বকাপ ২০২৫ৰ লীগ মেচত ইংলেণ্ডৰ বিৰুদ্ধে চাৰি ৰানৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় টিম ইণ্ডিয়া। উপ অধিনায়ক স্মৃতি মান্ধনাই ৮৮ ৰানৰ সুন্দৰ ইনিংছৰে ভাৰতৰ জয়ৰ ভেটি স্থাপন কৰে যদিও ৪২ নং অভ
भारतीय उप कप्तान उपकप्तान स्मृति मंधाना


নতুন দিল্লী, ২০ অক্টোবৰ (হি স)। ইন্দোৰত অনুষ্ঠিত হোৱা মহিলা বিশ্বকাপ ২০২৫ৰ লীগ মেচত ইংলেণ্ডৰ বিৰুদ্ধে চাৰি ৰানৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় টিম ইণ্ডিয়া। উপ অধিনায়ক স্মৃতি মান্ধনাই ৮৮ ৰানৰ সুন্দৰ ইনিংছৰে ভাৰতৰ জয়ৰ ভেটি স্থাপন কৰে যদিও ৪২ নং অভাৰত এটা মিছটাইম শ্বটে টাৰ্নিং পইণ্ট প্ৰমাণ কৰিলে। লং অফত কেচ আউট হোৱাৰ পিছত পেভিলিয়নলৈ উভতি অহাৰ সময়ত মান্ধনাই নিজৰ শ্বটটোৰ বাবে অনুশোচনা কৰিলে।

মেচৰ পিছত মান্ধনাই কয়, মই সেই শ্বটটো কভাৰৰ ওপৰত খেলাৰ উদ্দেশ্য আছিলো, কিন্তু শ্বটটোৰ সময় ভুল হৈছিল। মই অলপ বেছি ধৈৰ্য্য ধৰিব লাগিছিল। গোটেই ইনিংছটোত মই নিজকে কৈ থাকিলোঁ যে বতাহত শ্বট খেলিব নালাগে, কিন্তু হয়তো সেই মুহূৰ্তত আৱেগে ঠাই ল'লে—যিটোৱে ক্ৰিকেটত কেতিয়াও সহায় নকৰে।

তেওঁৰ ভুলৰ বাবে দলৰ ইনিংছ থৰকবৰক কৰা বুলি স্বীকাৰ কৰে।

মান্ধনাই কয়-বিশেষকৈ যিহেতু মোৰ লগত উইকেট পৰিবলৈ আৰম্ভ কৰিছিল, সেয়েহে তাৰ দায়িত্ব মই লওঁ। প্ৰতি অভাৰত আমাক মাত্ৰ ছটা ৰানৰ প্ৰয়োজন আছিল। হয়তো আমি মেচখন অলপ গভীৰলৈ লৈ যোৱা উচিত আছিল।

মান্ধনা আউট হোৱাৰ সময়ত ভাৰতৰ হাতত ৬টা উইকেট আছিল আৰু ৫২টা বলত ৫৫ ৰানৰ প্ৰয়োজন হৈছিল। ক্ৰীজত আছিল ৰিচা ঘোষ আৰু দীপ্তি শৰ্মা। কিন্তু তাৰ পিছত চাপত পৰি দলটো ছিন্নভিন্ন হৈ পৰে। মান্ধনাই কয়, মই ভাবিছিলো আমি জয়ী হ'ম, কিন্তু ক্ৰিকেটত একো নিশ্চিত নহয়। আমাৰ সকলোৰে শ্বট নিৰ্বাচন ইয়াতকৈ ভাল হ'ব পাৰিলেহেঁতেন।

ৰিচা ঘোষৰ ওপৰত সমগ্ৰ ফিনিচিং বোজা জাপি দিবলৈ অস্বীকাৰ কৰি মান্ধনাই কয়, প্ৰতি অভাৰত আমাক মাত্ৰ ৬.৫ ৰানৰ প্ৰয়োজন আছিল। প্ৰতি অভাৰত ৯ ৰানৰ চাপ থকাৰ দৰে নাছিল। ইয়াৰ পূৰ্বেও অন্তিম অভাৰত অমনজোট আৰু স্নেহ ৰাণাই সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। গতিকে আমি সকলোৱে দায়িত্ব ল'ব লাগিব যে আমি শেষ অভাৰত ভাল খেলিব পাৰিলোহেঁতেন।

এই মেচখনৰ বাবে টিম ইণ্ডিয়াই এক উল্লেখযোগ্য পৰিৱৰ্তন আনিলে— জেমিমাহ ৰড্ৰিগেছক বাদ দি ৰেনুকা সিং ঠাকুৰক দলত যোগ দিলে। মান্ধনাই কয় যে বলিঙৰ বিকল্প বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

বিশেষকৈ কাৰোবাৰ দিনটো বেয়া হ’লে পাঁচজন বলাৰৰ সৈতে খেলাটো আমাৰ বাবে অলপ ৰিস্কি আছিল বুলিও উল্লেখ কৰে।

এতিয়া ২৩ অক্টোবৰ বৃহস্পতিবাৰে নৱী মুম্বাইত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰৱৰ্তী মেচ অনুষ্ঠিত হ’ব। এই মেচখনৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশা।

মান্ধনাই কয়, ক্ৰিকেটত কোনো উজু দিন নাহে। আমি এই কঠিন মুহূৰ্তবোৰ গ্ৰহণ কৰি আগবাঢ়িব লাগিব। আমি জানো যে আমি ক'ত ভুল কৰিলোঁ, আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে আমি আমাৰ শ্ৰেষ্ঠখিনি দিব লাগিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande