নতুন দিল্লী, ২০ অক্টোবৰ (হি.স.)। আজি দীপাৱলীৰ দিনা ঘৰুৱা অলংকাৰ বজাৰত সোণ-ৰূপৰ মূল্য সামান্য হ্রাস পোৱা গৈছে৷ মূল্য সামান্য হ্ৰাস পোৱাৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ₹১,৩০,৮৫০ টকাৰ পৰা ₹১,৩১,০০০ টকাৰ ভিতৰত চলি আছে। একেদৰে ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ₹১,১৯,৯৪০ টকাৰ পৰা ₹১,২০,০৯০ টকাৰ ভিতৰত বিক্ৰী হৈছে। একেদৰে ৰূপৰ মূল্য সামান্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতুটো এতিয়াও দিল্লীৰ বুলিয়নৰ বজাৰত প্ৰতি কিলোগ্ৰাম ₹১,৭১,৯০০ টকাত বিক্ৰী হৈ আছে।
দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ₹১,৩১,০০০ , আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ₹১,২০,০৯০ । দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ₹১,৩০,৮৫০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ₹১,১৯,৯৪০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ₹১,৩০,৯০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ₹১,১৯,৯৯০ টকা এই বৃহৎ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ₹১,৩০,৮৫০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ₹১,১৯,৯৪০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ₹১,৩০,৮৫০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ₹১,১৯,৯৪০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ ১০ গ্ৰামত ₹১,৩১,০০০ টকা আৰু ২২ কেৰেট সোণ ₹১,২০,০৯০ টকাত প্ৰতি ১০ গ্ৰাম বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দাম ₹১,৩০,৯০০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ₹১,১৯,৯৯০ টকা। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ₹১,৩১,০০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ₹১,২০,০৯০ টকা হাৰত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য সামান্য হ্ৰাস পাইছে। ৰাজ্যৰ তিনিখন ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ₹১৩০,৮৫০ ₹। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেট সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ₹১১৯,৯৪০ ত বিক্ৰী হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া