নগাঁও, ২০ অক্টোবৰ (হি.স.): প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ অতিক্ৰম কৰিলে। এই উপলক্ষে যোৱা কালি দেওবাৰে নিশা ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ এক মহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়।
ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই কয় যে জুবিন গাৰ্গ বিহীন এটা মাহ অতিক্ৰম হৈ গল আজিলৈকে ন্যায় নাপালে অসমবাসীয়ে ইয়াতকৈ লাজৰ বিষয় আৰু হব নোৱাৰে। বিজেপিৰ চৰকাৰ থকাৰ পিছতো ন্যায় বিচাৰি কোৱা কথাটো গ্ৰহণযোগ্য নহয় কেইদিনমান পিছত আকৌ এছআইটি, চিআইডিয়ে ন্যায় বিচাৰিব এয়া কেনে ধৰণৰ কথা । ৰাজ্যত কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ পিছতো শাসকীয় বিজেপি দলে ন্যায় বিচাৰি সমদল উলিয়াব বুলি কৰা মুখ্যমন্ত্ৰীৰ মন্তব্যক টুলুঙা মন্তব্য আখ্যা দিয়ে ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাই। গোটেই অসমে ন্যায়ৰ দাবী জনায় অহাৰ পিছতো আজিলৈকে একো উত্তৰ দিব পৰা নাই এছআইটি, চিআইডি আৰু মুখ্যমন্ত্ৰীয়ে। এই ক্ষেত্ৰত পানী নসৰাকে তদন্ত হ’ব লাগে আৰু অতি শীঘ্ৰে ন্যায় দিব লাগে অন্যথা গণতান্ত্ৰিক ভাৱে আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ