দেৰগাঁও ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু নিহত
দেৰগাঁও ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
দেৰগাঁও ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু নিহত


গোলাঘাট, ২০ অক্টোবৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও ৰঙামাটিত যোৱা কালি দেওবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । বাইক আৰু বলেৰ পিক কাপৰ মাজত সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে । এই ঘটনাত থিতাতে নিহত হয় এটি ৬ বছৰীয়া শিশু।

জানিব পৰামতে, পিতৃ–মাতৃ আৰু তেওঁলোকৰ সন্তানসহ বাইকেৰে আহি আছিল একেটা পৰিয়ালৰ তিনিজনকৈ আৰোহী । দুৰ্ঘটনাত বাইক আৰোহি অনিল ৰাজখোৱা আৰু তেওঁৰ পত্নী গুৰুতৰ ভাবে আহত হয় । আনহাতে তেওঁলোকৰ সন্তানটি থিতাতে নিহত হয় । আহত হোৱা দুয়ো গৰাকী আৰোহিক দেৰগাঁও সামূহিক চিকিৎসালয় লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত পতিত হোৱা পৰিয়ালটিৰ ঘৰ দেৰগাঁও কুচগাৱঁত বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande