বঙাইগাঁও, ২০ অক্টোবৰ (হি.স.): বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত যোৱা কালি দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত থিতাতে নিহত হয় এজন লোক।
উত্তৰ শালমাৰা ৰাষ্ট্ৰীয় ঘাইপথত ছয় চকীয়া মালবাহী ট্ৰাক আৰু স্কুটিৰ সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে । দুৰ্ঘটনাটোত থিতাতে নিহত হয় স্কুটিৰ আৰোহী এগৰাকী । নিহত স্কুটি আৰোহী গৰাকী ভাকিৰিভিটাৰ কুমুদ বৰ্মন বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। লগতে মৃত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নিজত জিম্মাত লয়। দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ নম্বৰ ডব্লিউবি ৭৩ এইচ ১২২১ হোৱাৰ বিপৰীতে স্কুটিৰ নম্বৰ এএছ ১৯ এন ০৮৯৮ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ