আৰ্জেণ্টিনাক পৰাস্ত কৰি মৰক্কোৰ প্ৰথমবাৰলৈ ফিফা ২০ বছৰ অনুৰ্ধ বিশ্বকাপৰ খিতাপ দখল
চেণ্টিয়াগো, ২০ অক্টোবৰ (হি স)। মৰক্কোৱে ইতিহাস ৰচনা কৰি আৰ্জেণ্টিনাক ২-০ গ’লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ফিফা অনূৰ্ধ্ব ২০ বিশ্বকাপ খিতাপ দখল কৰে। ষ্ট্ৰাইকাৰ ইয়াছেৰ জাব্ৰিনিয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ফাইনেলত দুটা গ’ল দিয়ে । তেওঁ ১২ আৰু ২৯ মিনিটত
ट्रॉफी के साथ मोरक्को की टीम


চেণ্টিয়াগো, ২০ অক্টোবৰ (হি স)। মৰক্কোৱে ইতিহাস ৰচনা কৰি আৰ্জেণ্টিনাক ২-০ গ’লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ফিফা অনূৰ্ধ্ব ২০ বিশ্বকাপ খিতাপ দখল কৰে। ষ্ট্ৰাইকাৰ ইয়াছেৰ জাব্ৰিনিয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ফাইনেলত দুটা গ’ল দিয়ে । তেওঁ ১২ আৰু ২৯ মিনিটত গ’ল দি দলটোক নিৰ্ণায়ক অগ্ৰগতি প্ৰদান কৰে। এই জয়েৰে মৰক্কোৱে ২০০৯ চনত ঘানাৰ পিছত ২০ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰা প্ৰথমখন আফ্ৰিকান দেশ হিচাপে পৰিগণিত হয়।

স্পেইন, ব্ৰাজিল আৰু মেক্সিকোক পৰাস্ত কৰি মৰক্কোৱে প্ৰতিযোগিতাখনত নিজৰ গ্ৰুপৰ শীৰ্ষস্থান দখল কৰে। নকআউট পৰ্যায়ত দক্ষিণ কোৰিয়া, আমেৰিকা আৰু ফ্ৰান্সক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

আনহাতে, সপ্তমটো খিতাপ দখল কৰিবলৈ বিচৰা এই প্ৰতিযোগিতাখনত আৰ্জেণ্টিনাৰ এইটোৱেই আছিল প্ৰথম পৰাজয়। দলটোৱে নিজৰ দুজন শীৰ্ষ খেলুৱৈ—ক্লাউডিঅ’ এচেভেৰী (বেয়াৰ লেভাৰকুচেন) আৰু ফ্ৰাংকো মাস্তান্টানো (ৰিয়েল মাদ্রিদ) অবিহনে ফাইনেল খেলিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande