জয়ছালমেৰ বাছত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ লৈ বৃদ্ধি
যোধপুৰ, ২০ অক্টোবৰ (হি.স.)। ৰাজস্থানৰ জয়ছালমেৰ বাছৰ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পাইছে। দেওবাৰে গভীৰ নিশা আন এগৰাকী মহিলাই জীৱন যুঁজত পৰাস্ত হয়। এই পৰ্যন্ত এই মৰ্মান্তিক দুৰ্ঘটনাত ২৫ জন লোকৰ মৃত্যু হৈছে, আনহাতে দুজন ৰোগীৰ অৱস্থা
जैसलमेर बस हादसा।


যোধপুৰ, ২০ অক্টোবৰ (হি.স.)। ৰাজস্থানৰ জয়ছালমেৰ বাছৰ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পাইছে। দেওবাৰে গভীৰ নিশা আন এগৰাকী মহিলাই জীৱন যুঁজত পৰাস্ত হয়। এই পৰ্যন্ত এই মৰ্মান্তিক দুৰ্ঘটনাত ২৫ জন লোকৰ মৃত্যু হৈছে, আনহাতে দুজন ৰোগীৰ অৱস্থা সংকটজনক হৈ আছে আৰু ভেণ্টিলেটৰত আছে।

আৰক্ষীৰ তথ্য অনুসৰি যোৱা ১৪ অক্টোবৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাটোত ইমামত (৩০) নামৰ মহিলাগৰাকীৰ ৮৫ শতাংশ জুইত অগ্নিদগ্ধ হৈছিল। যোধপুৰৰ মহাত্মা গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু যোৱা নিশা তেওঁৰ মৃত্যু হৈছিল।

ইতিমধ্যে এই দুৰ্ঘটনাত ইমামতৰ দুই পুত্ৰ ইৰফান আৰু ইউনুছৰ লগতে কন্যা হাছিনাৰ মৃত্যু হৈছে। তেওঁৰ স্বামী পীৰ মহম্মদৰো গুৰুতৰভাৱে অগ্নিদগ্ধ হয় আৰু বৰ্তমান আহমেদাবাদত চিকিৎসাধীন হৈ আছে। খবৰ অনুসৰি বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত পীৰ মহম্মদে যাত্ৰীসকলক বচাবলৈ গ্লাছ ভাঙিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল।

মহাত্মা গান্ধী চিকিৎসালয়ৰ অধীক্ষক ডাঃ ফাতেহ সিঙে জনোৱা মতে, বৰ্তমান দুজন ৰোগী ভেন্টিলেটৰত আছে, আনহাতে ৬ জন আহতক বিশেষ দলৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande