ধুুবুৰী, ২০ অক্টোবৰ (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে চাপৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আছু'ৰ ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তীব্ৰ ক্ষোভ উজাৰি চৰকাৰক চকা সমালোচনা কৰে সংগঠনটোৱে।
আনহাতে বিজেপি দলে JUSTICE FOR ZUBEEN GARG কাৰ্যসূচীক ও সমালোচনা কৰি কয় যে চৰকাৰখন তেওঁলোকৰ দলৰ। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দলৰ নেতৃত্ব চলা চৰকাৰখনৰ দিনত যদি বিজেপি দলে ৰাজপথত ওলাৱ লাগে তেন্তে এয়া দুৰ্ভাগ্য আৰু অৰ্কমণ্য চৰকাৰ হিচাপে পৰিগণিত হৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি। লগতে জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা