পাটনা, ২০ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি)-এ সোমবাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ ১৪৩ গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। ২০২০ চনৰ বিধানসভা নিৰ্বাচনত আৰজেডিয়ে ১৪৪ জন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। এইবাৰ আৰজেডিয়ে মাত্ৰ ১৪৩ গৰাকী প্ৰাৰ্থীহে প্ৰক্ষেপ কৰিছে। আজি প্ৰকাশ পোৱা ১৪৩ গৰাকী প্ৰাৰ্থীৰ তালিকাত প্ৰথম নামটো হৈছে তেজস্বী যাদৱৰ।
বৈশালীৰ ৰাঘোপুৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তেজস্বী যাদৱে। মধেপুৰাৰ বিহাৰীগঞ্জ আসনৰ পৰা ৰেণু কুশৱাহা, পূৰ্ণীয়াৰ বৈনসী আসনৰ পৰা আব্দুছ সুভানক, মুজাফ্ফৰপুৰ জিলাৰ বোচাহান সংৰক্ষিত আসনৰ পৰা অমৰ পাছৱানক প্ৰক্ষেপ কৰিছে। লগতে শৈলেন্দ্ৰ প্ৰতাপ সিঙক সাৰণৰ তৰাইয়াৰ পৰা, গৌতম কৃষ্ণক ছাহৰছা জিলাৰ মহিছী আসনৰ পৰা, আৰু জয় প্ৰকাশ যাদৱক জামুইৰ ঝাঝা আসনৰ পৰাও প্ৰক্ষেপ কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ