নতুন দিল্লী, ০২ অক্টোবৰ (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে তেওঁৰ অসুস্থতাৰ সময়ত শুভাকাংক্ষা আৰু উদ্বেগ প্ৰকাশ কৰা সকলক ধন্যবাদ জ্ঞাপন কৰিছে।
খৰ্গেয়ে টুইটাৰত লিখিছে, কংগ্ৰেছৰ কৰ্মী, নেতা, সমৰ্থকসকলৰ প্ৰতি মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। আপোনালোকৰ মৰম আৰু শুভেচ্ছাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ। অতি সোনকালে মোৰ কাৰ্যকাল পুনৰ আৰম্ভ কৰিবলৈ আগ্ৰহী।
শেহতীয়াকৈ হৃদযন্ত্ৰৰ সমস্যাৰ বাবে বেংগালুৰুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল খৰ্গেক। তেওঁৰ পুত্ৰ কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী প্ৰিয়ংক খৰ্গেয়ে কয় যে চিকিৎসকে তেওঁক পেচমেকাৰ লগাবলৈ পৰামৰ্শ দিছিল।
हिन्दुस्थान समाचार / Manoj Kumar Saikia