মহাৰাষ্ট্ৰৰ নাশিকত কৰ্মভূমি এক্সপ্ৰেছৰ পৰা পৰি দুজন নিহত, এজন আহত
মুম্বাই, ১৯ অক্টোবৰ (হি.স.)। মহাৰাষ্ট্ৰৰ নাশিক ৰোড ষ্টেচনৰ সমীপত যোৱা কালি শনিবাৰে নিশা মুম্বাই লোকমান্য তিলক টাৰ্মিনাছৰ পৰা বিহাৰৰ ৰাক্সাউললৈ যোৱা কৰ্মভূমি এক্সপ্ৰেছৰ পৰা পৰি দুজন যুৱকৰ মৃত্যু হোৱাৰ লগতে এজন আহত হয়। আহত যুৱকজন জিলা চিকিৎসালয়ত
फोटो: कर्मभूमि एक्सप्रेस


মুম্বাই, ১৯ অক্টোবৰ (হি.স.)। মহাৰাষ্ট্ৰৰ নাশিক ৰোড ষ্টেচনৰ সমীপত যোৱা কালি শনিবাৰে নিশা মুম্বাই লোকমান্য তিলক টাৰ্মিনাছৰ পৰা বিহাৰৰ ৰাক্সাউললৈ যোৱা কৰ্মভূমি এক্সপ্ৰেছৰ পৰা পৰি দুজন যুৱকৰ মৃত্যু হোৱাৰ লগতে এজন আহত হয়। আহত যুৱকজন জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে নাচিক ৰোড আৰক্ষী থানাই।

দেওবাৰে নাশিক ৰোড থানাৰ জ্যেষ্ঠ পৰিদৰ্শক জিতেন্দ্ৰ সাপকালে কয় যে কৰ্মভূমি এক্সপ্ৰেছৰ পৰা পৰি যোৱা তিনিজন যুৱকৰ তথ্য লাভ কৰাৰ লগে লগে উপ পৰিদৰ্শক মালি আৰু কনিষ্টবল ভোলেৰ সৈতে এটা দল উপস্থিত হয়। ভূসাৱল অভিমুখী ট্ৰেকত ১৯০/১ আৰু ১৯০/৩ কিলোমিটাৰৰ ভিতৰত দুজন যুৱকৰ মৃতদেহ আৰু গুৰুতৰভাৱে আহত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। আহত যুৱকজনক লগে লগে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মৃত আৰু আহত যুৱককেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। দীপাৱলী উৎসৱৰ বাবে উত্তৰ ভাৰতলৈ যোৱা ৰে’লসমূহত যথেষ্ট ভিৰ হৈছিল। সেয়ে প্ৰাথমিক হিচাপ অনুসৰি দুৱাৰৰ ওচৰত থিয় হৈ থকা যুৱককেইজনৰ ভাৰসাম্য হেৰুৱাই পেলোৱাৰ ফলত ভিৰৰ বাবে বাগৰি পৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande