নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। আগন্তুক দীপাৱলী আৰু ছঠ উৎসৱৰ আগে আগে দিল্লীৰ ৰে’ল ষ্টেচনত যাত্ৰীৰ ব্যাপক ভীৰ দেখা গৈছে। ৰাজধানীৰ আনন্দ বিহাৰ, নতুন দিল্লী, চৰাই ৰোহিল্লা, আৰু হজৰত নিজামুদ্দিন ৰে’ল ষ্টেচনসমূহ ঘৰলৈ যোৱা যাত্ৰীৰে ভৰি পৰিছে। পুৱাৰে পৰা প্লেটফৰ্ম আৰু টিকট কাউণ্টাৰত দীঘলীয়া শাৰীৰ সৃষ্টি হৈছে। ৰে’লত আসনৰ অভাৱত বহু যাত্ৰী ৱেটিং লিষ্টত যাত্ৰা কৰিবলৈ বাধ্য হৈছে।
ৰে’ল বিভাগৰ বিষয়াসকলৰ মতে, পূব আৰু বিহাৰলৈ যোৱা ৰে’লৰ ৰিজাৰ্ভচন ভৰি পৰিছে। আনন্দ বিহাৰ ৰেলৱে ষ্টেচনৰ ছবিত দেখা গৈছে যে প্ৰচণ্ড ভিৰ, যাত্ৰীসকলে পৰিয়ালৰ সৈতে ৰে’লৰ বাবে অপেক্ষা কৰি আছে। উৎসৱৰ পৰিপ্ৰেক্ষিতত ৰে’লৱেই যাত্ৰীসকলৰ ঘৰলৈ যোৱাৰ সুবিধাৰ বাবে কেইবাখনো বিশেষ ৰে’লৰ চলাচল আৰম্ভ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া