নিৰ্বাচন আয়োগৰ বিহাৰ বিধানসভা নিৰ্বাচন আৰু ৮টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক নিয়োগ
নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচন আৰু ৮টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় পৰ্যবেক্ষক মোতায়েন কৰিছে নিৰ্বাচন আয়োগে। আয়োগে কয় যে সকলো দল আৰু প্ৰাৰ্থীৰ বাবে সমতাপূৰ্ণ সুযোগ নিশ্চিত কৰিবলৈ পৰ্যবেক্ষকসকলে নিৰ্ব
নিৰ্বাচন আয়োগ


নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচন আৰু ৮টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় পৰ্যবেক্ষক মোতায়েন কৰিছে নিৰ্বাচন আয়োগে। আয়োগে কয় যে সকলো দল আৰু প্ৰাৰ্থীৰ বাবে সমতাপূৰ্ণ সুযোগ নিশ্চিত কৰিবলৈ পৰ্যবেক্ষকসকলে নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

আয়োগৰ তথ্য অনুসৰি প্ৰথম পৰ্যায়ৰ বাবে ১২১ জন সাধাৰণ পৰ্যবেক্ষক আৰু ১৮ জন আৰক্ষী পৰ্যবেক্ষক নিয়োগ কৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ বাবে ১২২ জন সাধাৰণ পৰ্যবেক্ষক আৰু ২০ জন আৰক্ষী পৰ্যবেক্ষক নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰিও ৮টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ বাবে ৮ জন সাধাৰণ আৰু ৮ জন আৰক্ষী পৰ্যবেক্ষক প্ৰেৰণ কৰা হৈছে। সকলো পৰ্যবেক্ষকে নিযুক্ত সমষ্টিলৈ প্ৰথম ভ্ৰমণ সম্পূৰ্ণ কৰিছে আৰু এতিয়া তাত নিয়োজিত হৈছে।

নিৰ্বাচন আয়োগে তেওঁলোকক নিৰ্বাচন প্ৰক্ৰিয়া তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি স্বচ্ছ, মুক্ত, আৰু ন্যায্য ভোটদান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি পৰ্যবেক্ষকসকলক ৰাজনৈতিক দল, প্ৰাৰ্থী, ভোটাৰৰ সৈতে সুলভ হ’বলৈ আৰু তেওঁলোকৰ অভিযোগসমূহ তৎকালীনভাৱে সমাধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আয়োগে কয় যে পৰ্যবেক্ষকে ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি ভোটাৰৰ সুবিধাৰ বাবে শেহতীয়াকৈ আৰম্ভ কৰা পদক্ষেপসমূহ মানি চলাটো নিশ্চিত কৰিব লাগে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande