প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৈত্ৰিক ভূমি তামুলীছিগাত মাহেকীয়া শ্ৰাদ্ধ অনুষ্ঠিত
যোৰহাট, ১৯ অক্টোবৰ (হি.স.)। সকলোৰে হৃদয় শূণ্য কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ গুচি যোৱা আজি এটা মাহ পাৰ হল। কিন্তু এতিয়াও কোনেও এই কথা মানি লব পৰা নাই যে কায়িক ভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাই। বিগত এমাহ ধৰি প্ৰত্যেক অসমীয়াই কেৱল উচুপি আছে। যন্ত্ৰৰ
সকলোৰে হৃদয় শূণ্য কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ গুচি যোৱা আজি এটা মাহ l গাঁৱৰ লৰাটোৰ মাহেকীয়া শ্ৰাদ্ধ আয়োজন কৰিলে পিতৃ গৃহ তামুলীছিগাত l


যোৰহাট, ১৯ অক্টোবৰ (হি.স.)। সকলোৰে হৃদয় শূণ্য কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ গুচি যোৱা আজি এটা মাহ পাৰ হল। কিন্তু এতিয়াও কোনেও এই কথা মানি লব পৰা নাই যে কায়িক ভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাই। বিগত এমাহ ধৰি প্ৰত্যেক অসমীয়াই কেৱল উচুপি আছে।

যন্ত্ৰৰ দৰে সকলোৱে কাম কৰিছে সচা কিন্তু মনত হেজাৰ বেজাৰ লৈ জীয়াই আছে সকলোৱে। ইয়াৰ মাজতে আজি প্ৰাণৰ শিল্পীগৰাকীৰ এমহীয়া শ্ৰাদ্ধ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে। ইফালে প্ৰাণৰ শিল্পীগৰাকীৰ পিতৃৰ গৃহ তামুলীছিগাতো আজি অনুষ্ঠিত হল এমহীয়া শ্ৰাদ্ধ।

অসমীয়াৰ হৃদয় শূণ্য কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অজান মুলূকলৈ গুচি যোৱা এমাহ হ'ল । আজিও কিন্তু চৌদিশে জুবিনময় পৰিবেশ। আজি সমগ্র অসমৰ লগতে যোৰহাটৰ টীয়ক তামুলীছিগাৰ গাঁৱৰ জুবিন গাৰ্গৰ পিতৃ গৃহটো গাঁওবাসীয়ে আজি গাঁৱৰ লৰাটোৰ মাহেকীয়া শ্ৰাদ্ধ আয়োজন কৰিছে।প্ৰাণভৰি ভাল পোৱা নিজৰ ল'ৰাটোক সকলোৱে সোঁৱৰিছে। সমস্বৰত ধ্বনিত হৈছে মায়াবিনি।পেহীয়েকে ক'লে -অমৰ জুবিনৰ মৃত্যুৰ কাৰণটো ৰাইজক জনাই দিয়ক, সকলোৱে শান্তি পাব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande