গোৱালপাৰা, ১৯ অক্টোবৰ (হি.স.)। ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তি কৰণৰ দাবীৰে অহা ২২ অক্টোবৰৰ পৰা পুনৰ ৰাভা হাছং এলেকাত আন্দোলন তীব্রতৰ হৈ উঠিব। আজি দুধনৈস্থিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদ মেলৰ জৰিয়তে আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰে তিনি ৰাভা জাতীয় সংগঠনে। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ উদ্যোগত আজি দুপৰীয়া অনুষ্ঠিত সংবাদ মেলত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভাই কয় যে- ২২ অক্টোবৰৰ পৰা প্ৰায় দুমাহ যোৰা আৰম্ভ হবলগীয়া আন্দোলনৰ কাৰ্যসূচী অনুসৰি প্ৰথম ভাগত সজাগতা সভা, ধৰ্ণা কাৰ্যসূচী, বাইক ৰেলী ৰূপায়ণ কৰাৰ পিছত আন্দোলনৰ দ্বিতীয় ভাগত প্ৰতিবাদী সভা, জোৰ সমদল, জনজাগৰণ সভা অনুষ্ঠিত কৰা হব।
উল্লেখযোগ্য যে যোৱা ২০০৩ চনৰ পৰাই দুটা দশকযোৰা ৰাভা জনগোষ্ঠীৰ প্ৰাপ্যৰ হকে আন্দোলন চলাই থকা হৈছে। সংবাদ মেলত আৰছুৰ সাধাৰণ সম্পাদক ডঃ সুভাষ ৰাভাই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি ষষ্ঠ অনুসূচী সম্পৰ্কত আলোচনা কৰাৰ বাবে তিনি ৰাভা জাতীয় সংগঠনক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু প্ৰতিশ্ৰুতি মতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত নহল। ৮ মাহৰ অন্তত যোৱা ৭ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে পুনৰ ৰাভা জাতীয় সংগঠন সমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে আৰু অক্টোবৰ-নৱেম্বৰ মাহৰ ভিতৰত দিল্লীত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ আশ্বাস প্ৰদান কৰে। কিন্তু মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতিত তিনি ৰাভা জাতীয় সংগঠন আশ্বস্ত হব পৰা নাই। সেয়ে তিনি সংগঠনৰ যৌথ সভাই দুমাহ যোৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা