চামগুৰিৰ বৰহোলাত বনৰীয়া হাতী খেদিবলৈ গৈ এজনৰ মৃত্যু
চামগুৰিৰ বৰহোলাত শোকাৱহ ঘটনা।
চামগুৰিৰ বৰহোলাত বনৰীয়া হাতী খেদিবলৈ গৈ এজনৰ মৃত্যু


নগাঁও, ১৯ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ বৰহোলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বনৰীয়া হাতী খেদিবলৈ গৈ প্ৰাণ হেৰুৱায় এজন ব্যক্তিয়ে । নিহত লোকজনৰ নাম প্ৰাঞ্জল হেমৰম বুলি জনা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি যোৱা কালি শনিবাৰে নিশা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰিছিল এটা হাতীৰ জাক। এই জাকটোক খেদিবলৈ গৈছিল বৰহোলা গাঁৱৰ একাংশ লোক। ইয়াৰে প্ৰাঞ্জল হেমৰম নামৰ লোকজনে হাতী খেদিবলৈ গৈ প্ৰাণ হেৰুৱায়। উল্লেখ্য যে বন বিভাগৰ লোকে হাতী খেদিবলৈ সক্ষম নোহোৱাৰ বাবেই ৰাইজে নিজৰ খেতি মাটি ৰক্ষা কৰিবলৈ নিশা হলেই পহৰা দিব লাগে । যোৱা কালিও হাতীৰ জাকটোক খেদিবলৈ যোৱাৰ সময়ত এই অঘটন সংঘটিত হৈছিল। ইফালে পিছত লোক জনৰ মৃতদেহটো উদ্ধাৰ কৰা হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande