হোজাই, ১৯ অক্টোবৰ (হি.স.)। লামডিং শ্ৰীমা ভৱনত নতুনকৈ অসম চৰকাৰৰ চাকৰি পোৱা মুঠ ৪৭ জন যুৱক যুৱতীক চেলিচ ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত সকলোকে ফুলন গামোচা আৰু এখন মানপত্ৰ দি সন্মান জনোৱা হয়৷
লগতে অসমৰ সম্পদ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্বাঞ্জলি দিয়াৰ লগতে তেওঁৰ প্ৰতি শ্ৰদ্বা জনোৱা হয় ৷ সকলো যুৱক যুৱতী সদ্য ঘোষিত অসম আৰক্ষী আৰু এ ডি আৰ ই নিযুক্তিৰ বাবে হোৱা পৰীক্ষাৰ ফলাফলে সুখবৰ কঢ়িয়াই আনিছে লামডিঙৰ যুৱক যুৱতী সকল৷ অসম আৰক্ষী আৰু এডিআৰই পৰীক্ষাত এনেদৰে বিনা উৎকোচৰে চাকৰি লাভ কৰাত উৎফল্লিত হৈ পৰিছে লামডিং বাসী ৰাইজ ৷ মুখ্যমন্ত্ৰীকো প্ৰসংখ্যা কৰে পৰীক্ষাত পাছ কৰা সকলো পৰীক্ষাৰ্থী ৷
আজিৰ এই বিশেষ অনুষ্ঠানত সকলো যুৱক আৰু যুৱতী সকলক লামডিং শীমা ভৱনত আয়োজন কৰা চেলিচ ৱেলফেয়াৰ চচাইটৰ ফালৰ পৰা ফুলন গামোচা আৰু এখন মানপত্ৰ দি সন্মান জনোৱা হয়৷ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে সকলোৱে উপস্থিত থাকে সেলি ফাউনডেশনৰ চচাইটি স্বাধিকাৰ অনিমেষ মিশ্ৰ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ আদি কৰি লামডিং বাসী ৰাইজৰ লগতে বিশিষ্ট বিশিষ্ট বেক্তিসকল উপস্থিত থাকে৷ কঠোৰ পৰিশ্ৰম কৰিলে জয় নিশ্চিত এই কথাষাৰ পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে লামডিংৰ যুৱক যুৱতী সকলে । এই সফলতাত অঞ্চলবাসী উৎফল্লিত হৈছে। চেষ্টা আৰু মনোবল থাকিলে সফলতাৰ বাটত কোনো হেঙাৰ হ’ব নোৱাৰে এইয়া প্ৰমাণ কৰিলে যুৱক য়ুৱতী সকলোৱে৷ সম্পূৰ্ণ স্বচ্চ আৰু নিকা পদ্ধতিৰে এক টকাও খৰচ নকৰাকৈ বৃহৎ সফলতা লাভ কৰাত পৰিয়ালৰ মাজত এতিয়া আনন্দ লগতে ৰাইজৰ ভীৰ হোৱা পৰিলক্ষিত হৈছে৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু