সাপ্তাহিক পৰ্যালোচনা: একেৰাহে তৃতীয় সপ্তাহৰ বাবে ষ্টক মাৰ্কেট সৱলতাৰে বন্ধ
- যোৱা চাৰি মাহত ষ্টক মাৰ্কেটৰ সাপ্তাহিক সৰ্বাধিক লাভ নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰৰ ১৭ অক্টোবৰ শুকুৰবাৰে সমাপ্ত হোৱা ব্যৱসায়িক সপ্তাহত একেৰাহে তৃতীয় সপ্তাহৰ বাবে শক্তিশালী লাভৰ সৈতে বন্ধ হয়। সাপ্তাহিক ভিত্তিত ১,৪৫১.৩৭ পই
लगातार तीसरे सप्ताह मजबूती के साथ बंद हुआ शेयर बाजार


- যোৱা চাৰি মাহত ষ্টক মাৰ্কেটৰ সাপ্তাহিক সৰ্বাধিক লাভ

নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰৰ ১৭ অক্টোবৰ শুকুৰবাৰে সমাপ্ত হোৱা ব্যৱসায়িক সপ্তাহত একেৰাহে তৃতীয় সপ্তাহৰ বাবে শক্তিশালী লাভৰ সৈতে বন্ধ হয়। সাপ্তাহিক ভিত্তিত ১,৪৫১.৩৭ পইণ্ট বা ১.৭৫ শতাংশ বৃদ্ধিৰে ৮৩,৯৫২.১৯ত বন্ধ হয় বিএছই চেন্সেক্স। একেদৰে নিফটিয়ে ৪২৪.৫০ পইণ্ট বা ১.৬৭ শতাংশ বৃদ্ধি পাই ২৫,৭০৯.৮৫ পইণ্টত সপ্তাহটোৰ সামৰণি পেলায়।

ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ অবিৰত ক্ৰয়, বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী ক্ৰেতা হিচাপে বজাৰলৈ ঘূৰি অহা, খাৰুৱা তেলৰ মূল্য হ্ৰাস, আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে আন এক সুতৰ হাৰ কৰ্তনৰ ইংগিত দিয়া আদিয়েই হৈছে শ্বেয়াৰ বজাৰৰ শক্তিশালীতাৰ মূল কাৰণ। ফলস্বৰূপে ঘৰুৱা শ্বেয়াৰ বজাৰে যোৱা চাৰি মাহত সাপ্তাহিকভাৱে সৰ্বাধিক লাভৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। আমেৰিকাৰ চলি থকা বন্ধই বিশ্বজুৰি উদ্বেগ প্ৰকাশ কৰি থকাৰ সময়তো এই পৰিস্থিতিৰ সৃষ্টি হয়। একেদৰে আমেৰিকা আৰু চীনৰ মাজত নৱীকৃত বাণিজ্যিক উত্তেজনাই সমগ্ৰ বিশ্বতে শংকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ ফলত বিনিয়োগকাৰীসকলে সতৰ্কতাৰে ব্যৱসায় কৰিছে।

শুকুৰবাৰে সমাপ্ত হোৱা সপ্তাহটোৰ বাবে বিএছই লাৰ্জ কেপ সূচকাংক ১.৫ শতাংশ সাপ্তাহিক বৃদ্ধিৰে বন্ধ হয়। মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, আদানি পাৱাৰ, নেচলে ইণ্ডিয়া, আইচিআইচিআই লম্বাৰ্ড জেনেৰেল ইনশ্বুৰেন্স কোম্পানী, ৱাৰী এনাৰ্জিজ, আৰু এছিয়ান পেইণ্টছৰ শ্বেয়াৰ শীৰ্ষ লাভৰ ভিতৰত আছিল। আনহাতে, ভোডাফোন আইডিয়া, ইনফ’ছিছ, উইপ্ৰ’, ছিমেন্স এনাৰ্জি ইণ্ডিয়া, ইণ্ডাছ টাৱাৰ্ছ, পলিকেব ইণ্ডিয়া, ইণ্ডিয়ান অভাৰচিজ বেংক, আৰু পঞ্জাব নেশ্যনেল বেংক আদি শীৰ্ষ লোকচান ভৰিবলগীয়া হোৱা প্ৰতিষ্ঠানৰ ভিতৰত আছিল।

বিগত সপ্তাহৰ ভিতৰত বিএছই মিড কেপ সূচকাংক সাপ্তাহিক ভিত্তিত একেধৰণৰ ব্যৱসায় হৈছিল। ভাৰতৰ ৱাৰ্লপুল, ওলা ইলেক্ট্ৰিক মবিলিটি, গড্ৰেজ প্ৰপাৰ্টিজ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল চাৰ্ভিচেছ, পাৰ্চিষ্টেণ্ট চিষ্টেমছ, ছ’না বিএলডব্লিউ প্ৰিচিজন ফৰ্জিংছ, আৰু অবেৰয় ৰিয়েলটি আদি শীৰ্ষ লাভকাৰীসকলৰ ভিতৰত অন্যতম। ইফালে, পি বি ফিনটেক, এমকিউৰ ফাৰ্মাচিউটিকেলছ, বন্ধন বেংক, য়েছ বেংক, অৰেকল ফাইনেন্সিয়েল চাৰ্ভিচেছ চফটৱেৰ, ডিক্সন টেকন’লজিছ, গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ, গ’ ডিজিট জেনেৰেল ইনশ্বুৰেন্স, টাটা টেকন’লজিছ আদিয়ে শীৰ্ষ লোকচান ভৰাৰ ভিতৰত অন্যতম।

বিগত সপ্তাহৰ ব্যৱসায়ত বিএছই স্মল কেপ সূচকাংক সাপ্তাহিকভাৱে ০.৬০ শতাংশ হ্ৰাস পাই বন্ধ হয়। লোটাছ চকলেট কোম্পানী, মেগেলানিক ক্লাউডছ, ভিএলই গভৰ্নেন্স এণ্ড আইটি ছলিউচন, ধনছাৰী ভেঞ্চাৰছ, আৰু ৱালচান্দ নগৰ ইণ্ডাষ্ট্ৰীজৰ লগতে অন্যান্য কোম্পানীসমূহৰ মূল্য সাপ্তাহিক ভিত্তিত ১৫ৰ পৰা ২৫ শতাংশৰ ভিতৰত হ্ৰাস পাইছে। আনহাতে, ষ্টেলিয়ন ইণ্ডিয়া ফ্ল’ৰ’কেমিকেলছ, জি এম ব্ৰুৱেৰীজ, শ্বেয়াৰ ইণ্ডিয়া ছিকিউৰিটিজ, তত্ত্ব চিন্তান ফাৰ্মা কেমিকেলছ, আৰু এমটিআৰ টেকন’লজিছৰ শ্বেয়াৰ সাপ্তাহিকভাৱে ২১ৰ পৰা ৪১ শতাংশ বৃদ্ধিৰে বন্ধ হয়।

খণ্ডগত দিশত যোৱা সপ্তাহত নিফটি ৰিয়েলটি সূচকাংক সাপ্তাহিক ভিত্তিত ৪ শতাংশ বৃদ্ধি পাইছে। একেদৰে কেপিটেল মাৰ্কেট ইনডেক্সতো এই সপ্তাহটোত ৪ শতাংশ বৃদ্ধি পাইছে। তদুপৰি নিফটি এফএমচিজি সূচকাংক সাপ্তাহিক ৩ শতাংশ বৃদ্ধিৰে বন্ধ হয়, আৰু নিফটি অটোম’বাইল সূচকাংক সাপ্তাহিক ২ শতাংশ বৃদ্ধিৰে বন্ধ হয়। ইফালে, নিফটি মিডিয়া সূচকাংকত সাপ্তাহিক সৰ্বাধিক ২.৭ শতাংশ হ্ৰাসৰ সৈতে বন্ধ হয়। যোৱা সপ্তাহত আই টি সূচকাংক ১.৮ শতাংশ হ্ৰাস পাইছে। একেদৰে মেটাল আৰু পিএছইউ বেংক সূচকাংকৰ সাপ্তাহিক লোকচান ০.৫ শতাংশৰে বন্ধ হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande