শিৱসাগৰ দৌলমুখ চাৰিআলিত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
শিৱসাগৰ, ১৯ অক্টোবৰ (হি.স.)। শিৱসাগৰ দৌলমুখ চাৰিআলিত অনুসূচিত জাতি ছাত্ৰ সন্থাই আজি এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। অনুসূচিত জাতি ছাত্ৰ সন্থাই এক অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে ।‌ জুবিন গাৰ্গক ন্যায় প্ৰদানত হেমাহিৰ অভিযোগ তুলি মুখত ক
শিৱসাগৰ দৌলমুখ চাৰিআলিত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট


শিৱসাগৰ, ১৯ অক্টোবৰ (হি.স.)। শিৱসাগৰ দৌলমুখ চাৰিআলিত অনুসূচিত জাতি ছাত্ৰ সন্থাই আজি এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। অনুসূচিত জাতি ছাত্ৰ সন্থাই এক অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে ।‌

জুবিন গাৰ্গক ন্যায় প্ৰদানত হেমাহিৰ অভিযোগ তুলি মুখত ক'লা কাপোৰ মাৰি অৱস্থান সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ । জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত কৰি,ৱ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক ফাঁচী দিয়াৰ দাবী সন্থাৰ।

জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া সকলক কঠোৰ শাস্তি নিদিয়ালৈকে অনুসূচীত জাতি ছাত্ৰ সন্থা ক্ষান্ত নহয় বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে।

কেইবাগৰাকী অভিযুক্তক কেৱল এদিন জেৰাই কৰিয়েই কিয় এৰি দিব বুলি প্ৰশ্ন সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশ জ্যোতি দাসৰ। এনেদৰে আজি জুবিন গাৰ্গৰ দেহাৱসানৰ এমাহ পিছতো আজি সকলোৱে তেওঁ মৃত্যুৰ ন্যায়ৰ বাবে দাবী জনাব লগীয়া হৈছে। সকলোৱে উচিত তদন্তৰ আশাত এতিয়া আশা লৈ আছে আৰু দোষীক কঠোৰ শাস্তি নিদিয়ালৈ ক্ষান্ত নহয় বুলি হুংকাৰ দিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande