তিনিচুকীয়া, ১৯ অক্টোবৰ (হি.স.): তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বাইপাছৰ ফটিকজানত যোৱা কালি শনিবাৰে বিয়লি চাহ ভৰ্ত্তি ট্ৰাক দুৰ্ঘটনাত পতিত হয়। অৰুণাচলৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা অৱস্থাত পথত গৰু বচাবলৈ লওতেই ট্ৰাক খন দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনাত পতিত হোৱা এএছ ২৩ এচি ৯৮৯৪ নম্বৰৰ ট্ৰাক খন বাগৰি পৰে।ট্ৰাক খনত থকা জন ৪জন সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে এজনৰ অৱস্থা গুৰুতৰ বুলি কোৱা হৈছে। আঘাত প্ৰাপ্ত সকলক তিনিচুকীয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ