ডিব্ৰুগড়, ১৯ অক্টোবৰ (হি.স.): ডিব্ৰুগড় জিলাৰ ডিকম আৰক্ষী চকীৰ অন্তৰ্গত হেজেলবেঙ্ক চাহ বাগিচাৰ সমীপত যোৱা কালি শনিবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়।
জানিব পৰামতে এছএচ ০৬ এজে ০৮৭৪ত অহা বাইক আৰোহী জনে মদ্যপান কৰি নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত চুচৰি পৰে। অধিক সংকট অৱস্থাত ব্যক্তিজনক স্থানীয় ৰাইজে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। উক্ত ব্যক্তিজনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। ঘটনাস্থলীত ডিকম আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ