ধুবুৰী, ১৯ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱা কালি শনিবাৰে সন্ধিয়া সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে মৃত্যু মুখত পৰে এজন যুৱক।
জানিব পৰা মতে, নাথপাৰা ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। মুখামুখি সংঘৰ্ষ ফলত থিতাতে নিহত এজন বাইক আৰোহী। বাইক আৰোহী জন উপৰটাৰীৰ জহিৰুল ইচলাম বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্থ আল্ট্ৰা যাত্ৰীবাহী বাছ খনৰ নম্বৰ এএছ ০১ এনচি ১২৭৫ আৰু বাইক খনৰ নম্বৰ এএছ ০৫ বি ৭৫৫১ বুলি জনা গৈছে। উল্লেখ্য যে আল্ট্ৰা বাছ খন তীব্ৰ বেগেৰে ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল। এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নিজৰ জিম্মাত লয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ