কামৰূপ জিলা সাংবাদিক সন্থাৰ উদ্যোগঃ ৰঙিয়াৰ পাঁচ স্থানত জুবিন গাৰ্গৰ স্মৃতিত নাহৰ গছপুলি ৰোপণ
কামৰূপ, ১৯ অক্টোবৰ (হি.স.)। নাহৰ থাকিলে জুবিন থাকিব । জুবিন গাৰ্গৰ এই বাক্যশাৰীকে সৰোগত কৰি শোকাহত অসমবাসীৰ হিয়াৰ আমঠু কণ্ঠশিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ এমহীয়া তিথি উপলক্ষে আজি কামৰূপ জিলা সাংবাদিক সন্থাৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত নাহৰ গছৰ
কামৰূপ জিলা সাংবাদিক সন্থাৰ উদ্যোগঃ ৰঙিয়াৰ পাঁচ স্থানত জুবিন গাৰ্গৰ স্মৃতিত নাহৰ গছপুলি ৰোপণ


কামৰূপ, ১৯ অক্টোবৰ (হি.স.)। নাহৰ থাকিলে জুবিন থাকিব । জুবিন গাৰ্গৰ এই বাক্যশাৰীকে সৰোগত কৰি শোকাহত অসমবাসীৰ হিয়াৰ আমঠু কণ্ঠশিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ এমহীয়া তিথি উপলক্ষে আজি কামৰূপ জিলা সাংবাদিক সন্থাৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। হিয়াৰ আমঠু প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰিয় নাহৰ গছ।

ৰঙিয়াতো ঐতিহ্যমণ্ডিত পাঁচ স্থানত নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। চিৰসেউজ শিল্পী গৰাকীৰ প্ৰতি সশ্ৰদ্ধ স্মৰণৰে ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুভাৰম্ভ কৰা কাৰ্যসূচীৰ প্ৰাৰম্ভিকতে সভাপতি প্ৰকাশ ডেকাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰদীপ কলিতাৰ তত্বাৱধানত ৰূপায়িত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি কামৰূপ জিলা পৰিষদৰ সভাপতি নিপন ভূঞাই নাহৰ গছপুলি ৰোপণ কৰে । ভাষণ প্ৰসঙ্গত সভাপতি ভূঞাই জুবিন গাৰ্গৰ নাহৰ গছৰ প্ৰতি থকা অনুৰাগীৰ কথা উল্লেখ কৰি নাহৰ গছ ৰোপনতে নহয় প্ৰতিপালনতো গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনায়।আনহাতে উক্ত স্থানতে আন এটি গছপুলি ৰোপণ কৰে বিশিষ্ট ব্যৱসায়ী টংকেশ্বৰ নাথে । ইয়াৰ পিছতে ৰঙিয়া টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পয়নুৰ আলীৰ তত্বাৱধানত ৰূপায়ণ কৰা গছপুলি ৰোপণ কাৰ্যসূচীত অ্ংশগ্ৰহণ কৰে ৰেড ক্ৰছৰ ৰঙিয়া জিলা সমিতিৰ সম্পাদক ডাঃখবিৰুদ্দিন আহমেদে।

আনহাতে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰূপায়িত কাৰ্যসুচীত ৰঙিয়া সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাই অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰে । বিদ্যালয়খনৰ অধ্যক্ষ দীপক কলিতাৰ তত্বাৱধানত ৰূপায়ণ কৰা কাৰ্যসূচীত বিদ্যালয় খনৰ এন এছ এছৰ প্ৰশিক্ষাৰ্থী সকলেও অংশগ্ৰহণ কৰে।ইয়াৰ পিছতে ৰঙিয়া থানা চৌহদ ৰূপায়ণ কৰা কাৰ্যসূচীত অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিলৰ সদস্য মুকুটানন্দ ভট্টচাৰ্য ই অংশগ্ৰহণ কৰি নাহৰ গছপুলি ৰোপণ কৰে। কাৰ্যসূচীৰ সামৰণিত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৰূপায়ণ কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ নাথে । কামৰূপ জিলা সাহিত্য সভাৰ যুৱ সংসদৰ আহ্বায়ক হেমন্ত কলিতা প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা কাৰ্যসূচীত ৰঙিয়া প্ৰেছ ক্লাব , সাহিত্য সভা ,ডি এ গ্ৰুপ, স্বেচ্ছাসেৱী সংগঠন অন্বেষা , উত্তৰণ, ৰঙিয়া ৰেডক্ৰছ ছোচাইটি , ডেণ্টি কিউৰ প্লাছ , এছ ডি ইলেক্ট্ৰনিকছ , হট ডিজাৰ্ট , ডি এ টিভি এছ আদি অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগ আগবঢ়ায় । হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰি কাৰ্যসূচীত অংশগ্ৰহণ কৰা আটাইকে কামৰূপ জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande