ৰঙিয়াত নকুলৰ খেতি পথাৰত কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত উদযাপিত কাতি বিহু
ৰঙিয়াত নকুলৰ খেতি পথাৰত কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত পালন কৰা হৈছে কাতি বিহু।
ৰঙিয়াত নকুলৰ খেতি পথাৰত কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত উদযাপিত কাতি বিহু


কামৰূপ, ১৯ অক্টোবৰ (হি.স.): আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা যোৱা কালি শনিবাৰে অসমীয়াৰ তিনি বিহুৰ অন্যতম কাতি বিহু উদযাপন কৰা হয়। ঠন ধৰি উঠা ধাননি পথাৰত আকাশ বন্তি জ্বলাই ভগৱন্তক প্ৰাৰ্থনা জনায় চহা খেতিয়কে।

ৰঙিয়াত নকুলৰ খেতি পথাৰত কালি সন্ধিয়া কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত পালন কৰা হৈছে কাতি বিহু। এই অনুষ্ঠানত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা উপস্থিত থাকে। লগতে স্থানীয় খেতিয়ক সকলৰ সহযোগিতাৰে আয়োজন কৰা কাতি বিহুত উপস্থিত থাকে কৃষি বিভাগৰ বিষয়া সকল।অসমৰ বিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰাই ৰাজ্যৰ শোক বিহ্বল পৰিৱেশৰ মাজতে উদযাপন কৰা হৈছে কাতি বিহু। লগতে পূৰ্ণ সম্ভাৱনাময় ধাননী পথাৰত সোণগুটিৰে উপচি পৰি কৃষকৰ ধান ভঁৰাল ভৰি পৰে তাৰ বাবে কামনা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande