বিজনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিচ্ছৱি অংকণ
বিজনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিচ্ছৱি অংকণ ।
বিজনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিচ্ছৱি অংকণ


চিৰাং, ১৯ অক্টোবৰ (হি.স.): অসমীয়াৰ প্ৰাণৰ শিল্পী হাৰ্টথ্ৰৱ, জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ পূৰ্ণ হ'ব ৷ শিল্পী জনাৰ মৃত্যুৰ এমাহ হ'ব যদিও মৰমৰ শিল্পীগৰাকীৰ ন্যায়ৰ প্ৰতি সকলোৱে কৰিছে অপেক্ষা ৷

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ন্যায়িক তদন্ত ক্ষীপ্রতাৰে কৰাৰ দাবীত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। সংগঠনটোৱে ১৭ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসুচী ৷ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ন্যায়ৰ দাবীত সংগঠনটোৰ কৰ্মী সকলে চিৰাং জিলাত যোৱা কালি শনিবাৰে বিয়লি ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আৰু বিজনীত ৰাজহুৱা দেৱালত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷ সংগঠনটোৱে একেই দাবীত আজি সমদলৰ আয়োজন কৰিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande