২২অক্টোবৰৰ প্ৰথম বাৰ্ষিক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা
প্ৰথম বাৰ্ষিক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা খন অহা ২২অক্টোবৰৰ পৰা ২৫অক্টোবৰলৈ অনুষ্ঠিত হ'ব।
২২অক্টোবৰৰ প্ৰথম বাৰ্ষিক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা


গোলাঘাট, ১৯ অক্টোবৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও সমজিলাৰ অন্তৰ্গত নাহৰণি মাজগাওঁ ৰাজহুৱা খেলপথাৰত অসম কঁপোৱা বাক্সাৰ ঘটনাৰ বাবে বাতিল হোৱা আমন্ত্ৰণমূলক সদৌ অসম ভিত্তিত Sub- Junior প্ৰথম বাৰ্ষিক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা খন অহা ২২ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ অনুষ্ঠিত হ'ব । মাজগাওঁ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত দেৰগাঁও ক্ৰীড়া সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত আমন্ত্ৰণমূলক সদৌ অসম ভিত্তিত Sub-Junior প্ৰথম বাৰ্ষিক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা খন আয়োজন কৰা হৈছে।

প্ৰতিযোগিতা খন সুকলমে আয়োজন কৰাৰ বাবে আয়োজক মণ্ডলীয়ে সকলোৰে সহায়-সহযোগ তথা উপস্থিতি একান্তভাবে কামনা কৰিছে।২২অক্টোবৰৰ উদ্বোধনী দিনা কেইবা সহস্ৰাধিক ৰাইজে মায়াবিনী গীতপৰিৱেশন কৰিব। খেলত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰি কোনো আতচবাজী ব্যৱহাৰ নকৰি কেৱল জুবিন গাৰ্গৰ কালজয়ী গীত সমূহ বাজি থাকিব। এই মাজগাওঁ ৰাজহুৱা খেলপথাৰত জুবিন গাৰ্গেও ফুটবল খেলি যোৱা স্মৃতি বিজৰিত হৈ আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande