গুৱাহাটী, ১৯ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গ বিহীন আজি এমাহ। আজিৰ পৰা এমাহ আগতে অগণিত গুণমুগ্ধক কন্দুৱাই অজনা দেশলৈ গুচি গ'ল আমাৰ সকলোৰে প্রাণৰ শিল্পী জুবিন গাৰ্গ । অসমৰ হিয়াৰ আমঠুজুবিন গাৰ্গৰ মহাপ্রয়াণে বিগত এমাহ ধৰি অসমৰ আকাশ-বতাহ সকলো শোকাকুল কৰি ৰাখিছে। জীয়াই থাকোতে জুবিন গাৰ্গ যি জনসমুদ্ৰৰ মাজত বিলীন হৈ আছিল মৃত্যুৰ পিছত এই জনসমুদ্ৰ মহাসাগৰত পৰিণত হৈছে।
সকলোৱে জুবিন গাৰ্গক নিজৰ মাজতে সমাহিত কৰি শিল্পীগৰাকীক অমৰ কৰি ৰখাৰ দায়িত্ব গাত পাতিলৈছে। অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছবিবৃতি যোগে বিজেপিৰ মুখপাত্ৰ প্লাঞ্জল কলিতাই কয় যে, জুবিন গাৰ্গ কেৱল শিল্পীয়েই নাছিল, জুবিন গাৰ্গঅসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ৷ জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ । অসমৰ প্ৰত্যেকজন জনতাই প্ৰিয় শিল্পীগৰাকীৰ সৃষ্টিৰাজীক চিৰকাল অমৰ কৰি ৰাখিব লাগিব। জুবিন গাৰ্গ অসমৰ গৌৰৱ, জুবিন গাৰ্গ'ভাৰতৰ গৌৰৱ। জুবিন গাৰ্গ কেৱল আজি অসম অথবা ভাৰতৰ শিল্পী নহয়। সমগ্ৰ বিশ্বই জুবিন গাৰ্গক বিশ্বজনীনশিল্পী হিচাপে মৰ্য্যদা প্রদান কৰিছে।
সমগ্র অসমৰ লগতে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত পুৱা ৯বজাৰ পৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। নাম প্রসংগ আৰু ভাগৱত পাঠেৰে আৰম্ভ হোৱাঅনুষ্ঠানত গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্লান্তৰ বিজেপি কাৰ্যকৰ্তাই প্রিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলিজ্ঞাপন কৰে। উক্ত অনুষ্ঠানত শান্তা উজিৰ, মৃণালকান্তি মেধি, নমিতা ভট্টাচাৰ্য্য, মালবিকা বৰা, সন্ধ্যা মেনন তথাজুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী ভদ্ৰকান্ত দাস আদিকে কৰি ৰাজ্যৰ কেইৱাগৰাকী বিশিষ্ট শিল্পীয়ে বিজেপি ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায়। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলীকলিতা মেধি, পূৱ-গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়কঅতুল বৰা, গুৱাহাটীৰ পৌৰ সভাৰ মেয়ৰ মৃগেণ শৰণীয়াকে আদি কৰি বিজেপি দলৰ বহু জ্যেষ্ঠ কাৰ্যকৰ্তাইউপস্থিত থাকি প্রাণৰ শিল্পী জুবিন গা্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিশ্বনাথ জিলা কাৰ্যালয়ত জিলা বিজেপিৰ উদ্যোগত হোৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত শ্ৰী শইকীয়াৰ লগত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিহালী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্তঘাটোৱাৰ উপস্থিত থাকে।
ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত আৰু স্মৃতি যুগমীয়া কৰিবলৈ এলানি কাৰ্যসূচীঘোষণা কৰিছে। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী #JusticeforZubeenGarg শীৰ্ষক ডিজিটেলআন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি ৰাজ্যৰ সকলো জুবিন অনুৰাগীয়ে চলোৱা ন্যায় যাত্ৰাত চামিল হৈছে। আজি ৰাজ্যিক কাৰ্যালয়ৰ লগতে প্রয়াত প্লাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া শ্ৰদ্ধাঞ্জলি দলৰ ৩৯ খন সাংগঠিন জিলা, ৪৩৩ মণ্ডলৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত গাম্ভীৰ্য্যপূৰ্ণভাবে আয়োজন কৰা হয়। আনহাতে ২২ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ প্রতিখন জিলা সদৰত প্রয়াত প্লাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰিবলৈ“বিশাল জন সমদল” অনুষ্ঠিত কৰা হ’ব।
অহা ২২ অক্টোবৰত এই বিশাল জন সমদল কাৰ্যসূচী নলবাৰী জিলাৰপৰা আৰম্ভ হ’ব। অহা ২৬ অক্টোবৰ তাৰিখে ৰাজ্যখনৰ ২৫,০০০ৰো অধিক বুথত প্রধানমন্ত্ৰীৰ মন-কী-বাতকাৰ্যসূচীৰ লগতে প্রয়াত প্লাণৰ শিল্পী জুবিন গালৈ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হ'ব!ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ এজোপাকৈ নাহৰ গছৰোপন কৰাৰ লগতে প্রতিপালন কৰিব। প্রাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ দলৰ বিধায়ক আৰু সাংসদসকলে নিজৰ নিজৰ সমষ্টিত জুবিন গাৰ্গৰ একোটাকৈ প্রতিমূৰ্তি স্থাপন কৰিব।
প্রতিখন জিলাত সৰ্বস্তৰৰনিৰ্বাচিত বিজেপিৰ জনপ্রতিনিধিসকলৰ সহযোগত প্রাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ একোখন সংগীতবিদ্যালয় স্থাপন কৰা হ’ব। প্রাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতি শ্ৰদ্ধা নিবেদন কৰিবলৈ দলৰ সাংসদ, বিধায়কসকলেনিজ সমষ্টিত একোখনকৈ প্রদৰ্শণীমূলক ফুটবল খেলৰ আয়োজন কৰিব। প্লাণৰ শিল্পী গৰাকীৰ হৃদয় জুৰুৱা গীতপৰিবেশনেৰে ৫০০০ জুবিন অনুৰাগী দলীয় কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংশী সকলে সামূহিক শ্ৰদ্ধাঞ্জলি নিবেদনকৰিব। অহা ১৮ নৱেম্বৰত প্লাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ পৰা আৰম্ভ কৰি ৩০ নৱেম্বৰৰ ভিতৰত সামূহিকগীত পৰিবেশনৰ কাৰ্যসূচী প্রতিখন জিলাত অনুষ্ঠিত কৰিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ