- জুৱাৰ ৰেকেট চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ পাঁচজনক
ইম্ফল, ১৯ অক্টোবৰ (হি.স.)। মণিপুৰত নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম জিলাৰ পৰা নিষিদ্ধ কংগলেইপাক কমিউনিষ্ট পাৰ্টি (পিপলছ ৱাৰ গ্ৰুপ) [কেচিপি (পিডব্লিউজি)]ৰ এগৰাকী সক্ৰিয় মহিলা কেডাৰক গ্ৰেপ্তাৰ কৰিছে।
মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা হৈছে যে ধৃত মহিলাগৰাকীৰ নাম মেইকাম বসন্তৰানি দেৱী (৪২) ওৰফে আবেনাও আৰু তেওঁ উৰিপক লাইখুৰেম্বী লেইকাইৰ বাসিন্দা। বৰ্তমান চিংজামেই আৰক্ষী থানাৰ অন্তৰ্গত পিছুম অইনাম লেইকাই অঞ্চলত বসবাস কৰি আহিছে।
চৰকাৰী সূত্ৰ অনুসৰি মহিলা কেডাৰগৰাকীয়ে ধন দাবীৰ কামত জড়িত হোৱাৰ লগতে ভাবুকিৰ জৰিয়তে ঋণ আদায় আৰু ভূমি বিবাদৰ গোচৰত মধ্যভোগী হিচাপে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে মহিলা গৰাকীৰ পৰা এটা মোবাইল ফোন আৰু এখন আধাৰ কাৰ্ড জব্দ কৰে।
মণিপুৰ আৰক্ষীয়ে বিগত ৩৬ ঘণ্টাত বিভিন্ন অপৰাধৰ লগত জড়িত আন আন অপৰাধীকো গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত মণিপুৰ আৰক্ষীয়ে ইম্ফল পূৱ জিলাৰ পোৰমপাট থানাৰ অন্তৰ্গত নিউ চেকনৰ পৰা লগাও খাওবাত জুৱা খেলাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। মেঘচন্দ্ৰ সিং (৩৯), অংগম মালাংমেই (৩৫), আৰু খোইৰোম নিংথেম সিং (৩৪)। চাৰিটা পাশা (লাগাও মাৰু), দুটা ল্যাম, আৰু দুটা ঝুৰি (থুমোক)কে ধৰি লাগাও জুৱা সম্পৰ্কীয় সামগ্ৰী জব্দ কৰে।
একেধৰণৰ ঘটনাত মণিপুৰ আৰক্ষীয়ে ইম্ফল পূৱ জিলাৰ প’ৰ’মপাট থানাৰ অন্তৰ্গত খুৰাই আহোংগেই ইৰাবত লেইৰাকৰ পৰা মটৰ গাড়ী পৰিবহণ বিভাগৰ বিষয়াৰ ৰূপ লৈ লগাও খেলুৱৈৰ পৰা ধন দাবী কৰি থকা দুজন লোকক গ্ৰেপ্তাৰ কৰে। মহম্মদ অনিশ ইকবাল (৩০) আৰু মহম্মদ আমিৰ ৰহমান। তদন্তত প্ৰকাশ পাইছে যে মটৰ গাড়ী পৰিবহণ বিভাগত এ এছ আই নিযুক্তিৰ বাবে মহম্মদ অনিশ ইকবাল অপেক্ষাৰ তালিকাত আছে। ধৃত দুয়োজনকে অধিক তদন্তৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে।
আন এক অভিযানত মণিপুৰ আৰক্ষীয়ে ইম্ফল পূৱ জিলাৰ হাইংগাং থানা আৰু পোৰমপাট থানাৰ অধীনস্থ বিভিন্ন স্থানত জুৱা বন্ধ কৰাৰ অভিযান চলাই ১২টা লিয়াম, ১০ ইউনিট লগাও মাৰু, আৰু ১৩টা থুমোককে ধৰি জুৱা সম্পৰ্কীয় কেইবাটাও সামগ্ৰী উদ্ধাৰ কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ