বিজয়ৰ দল টিভিকে কাৰুৰ ভয়াবহতাত নিহত ৩৯ জনৰ পৰিয়ালক ২০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান
চেন্নাই, ১৯ অক্টোবৰ (হি.স.)। অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়ৰ দল তামিলাগা ভেত্ৰী কাঝাগমে (টিভিকে) কাৰুৰ থেলাহেঁচাৰ ঘটনাত নিহত ৩৯ জনৰ পৰিয়ালক ২০ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছে। এই ধনৰাশি পৰিয়ালসমূহৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছে দলটোৱে
करूर भगदड़ में मरने वालों के परिवारों को आर्थिक सहायता दी गई


চেন্নাই, ১৯ অক্টোবৰ (হি.স.)। অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়ৰ দল তামিলাগা ভেত্ৰী কাঝাগমে (টিভিকে) কাৰুৰ থেলাহেঁচাৰ ঘটনাত নিহত ৩৯ জনৰ পৰিয়ালক ২০ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছে। এই ধনৰাশি পৰিয়ালসমূহৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছে দলটোৱে।

ছ’চিয়েল মিডিয়াত এই বিষয়ে অৱগত কৰি টিভিকে কয় যে ২৮ ছেপ্টেম্বৰত কৰা ঘোষণা অনুসৰি ১৮ অক্টোবৰত বেংক আৰটিজিএছৰ জৰিয়তে পৰিয়াল কল্যাণ পুঁজি হিচাপে ২০ লাখ টকা প্ৰেৰণ কৰিছে।পক্ষই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক এই সাহায্য গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। দলটোৰ তথ্য অনুসৰি ৩৯টা পৰিয়াললৈ ২০ লাখ টকাকৈ প্ৰেৰণ কৰা হৈছে, যাৰ পৰিমাণ মুঠ ৭.৮ কোটি ₹।

উল্লেখযোগ্য যে যোৱা ২৭ ছেপ্টেম্বৰত কাৰুৰ হুলস্থুলত ৩৯ জন লোক নিহত হোৱাৰ লগতে ৬০ জনতকৈ অধিক লোক আহত হৈছিল।এই ঘটনাৰ পিছত টিভিকে মৃতকৰ পৰিয়াললৈ ২০ লাখ ₹ আৰু আহতসকলক ২০ লাখ ₹ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande