চাপৰৰ বিভিন্ন গাঁৱত ঘৰে ঘৰে কাতি বিহু পালন
চাপৰৰ বিভিন্ন গাঁৱতো ঘৰে ঘৰে চলিছে বিহু পালন।
চাপৰৰ বিভিন্ন গাঁৱত ঘৰে ঘৰে কাতি বিহু পালন


ধুবুৰী ১৯ অক্টোবৰ (হি.স.): অসমীয়া সমাজ জীৱনত বিহুৰ ঐতিহ্য আৰু মাদকতাই বহন কৰি আহিছে এক সুকীয়া মাত্ৰা। কৃষি আৰু চহা জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কাতি বিহু যোৱা কালি শনিবাৰে পালন কৰা হয় । সেউজ ধাননি পথাৰত আকাশ বন্তি জ্বলাই কৃষকৰ সপোনৰ ধাননি ডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে তুলসী তলত বন্তি জ্বলাই সকলোৱে মংগল কামনা কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে চাপৰৰ বিভিন্ন গাঁৱতো ঘৰে ঘৰে কাতি বিহু পালন কৰা হয়।

চাপৰৰ ভকত গাওঁ আৰু সত্যপুৰৰ, বিহুৰ পৰম্পৰা ৰক্ষা কৰি ধাননি পথাৰত যোৱা কালি শনিবাৰে সন্ধিয়া আকাশ বন্তি প্ৰজ্বলন কৰি কৃষকে ধাননি ডৰাৰ সীবৃদ্ধি কামনা কৰাৰ লগতে এইবেলি দেখিবলৈ পোৱা যায় ভিন্ন দৃশ্য। জুবিন গাৰ্গ বিহীন প্ৰথমটো কাতি বিহু উদযাপন কৰিছে ৰাজ্যবাসীয়ে। আকাশ বন্তি প্ৰজ্বলন কৰি জয় জুবিন দা জুবিন দা অমৰ হওঁক শব্দ শুনিবলৈ পোৱা খেতি পথাৰত। আনহাতে তুলসী তলত বন্তি জ্বলোৱাৰ উপৰি তুলসীৰ কাষতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ও বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande