ডিব্ৰুগড়, ১৯ অক্টোবৰ (হি.স.): আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা যোৱা কালি শনিবাৰে কাতি বিহু উদযাপন কৰা হয় । অসমীয়াৰ বাপটি সাহোন কাতি বিহুৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ আয়োজন কৰা হৈছিল। তুলসী পুলি ৰোপণ কৰি ধাননি পথাৰত চাকি জ্বলায় কঙালীক আদৰিছে ৰাইজে । খুমটাইৰ ২ নং ভোলাগুৰি গাঁৱতো এঘৰ গৃহস্থৰ ঘৰত কঙালীৰ বিশেষ আয়োজন কৰা হৈছিল।
সঞ্জীৱ বৰঠাকুৰ নামৰ লোকজনৰ ঘৰৰ চোতালত কাতি বিহুৰ সন্ধিয়া প্ৰজ্বলন কৰা বিশেষ আকাশ বন্তিয়ে দৃষ্টি আকৰ্ষণ কৰি আহিছে ৰাইজৰ । তিনিটা প্ৰজন্মৰ পৰা নিৰ্মাণ কৰি আহিছে সু-উচ্চ দৃষ্টিনন্দন আকাশ বন্তি । ঘৰৰ আইসকলেও তুলসীৰ তলত বন্তি জ্বলাই মাহ প্ৰসাদ অৰ্পণেৰে পৰিয়াল পৰিজনৰ মঙ্গলৰ বাবে সেৱা জনোৱা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ