অচিৰেই দাবী পূৰণ নকৰিলে ৰাজ্যৰ স্বাস্থ্যসেৱা অচল কৰাৰ হুংকাৰ এনএইচএমৰ কৰ্মচাৰীৰ
গোলাঘাট, ১৯ অক্টোবৰ (হি.স.)। অচিৰেই দাবী পূৰণ নকৰিলে ৰাজ্যৰ স্বাস্থ্যসেৱা অচল কৰাৰ হুংকাৰ দিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এনএইচএমৰ কৰ্মচাৰীয়ে। কাজিৰঙাত এনএইচএমৰ কৰ্মচাৰী সংস্থাই সংবাদমেল পাতি এই হুংকাৰ দিছে। ইয়াৰ বাবে অহা ২৯ অক্টোবৰ সময
অচিৰেই দাবী পূৰণ নকৰিলে ৰাজ্যৰ স্বাস্থ্যসেৱা অচল কৰাৰ হুংকাৰ এনএইচএমৰ কৰ্মচাৰীৰ


গোলাঘাট, ১৯ অক্টোবৰ (হি.স.)। অচিৰেই দাবী পূৰণ নকৰিলে ৰাজ্যৰ স্বাস্থ্যসেৱা অচল কৰাৰ হুংকাৰ দিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এনএইচএমৰ কৰ্মচাৰীয়ে।

কাজিৰঙাত এনএইচএমৰ কৰ্মচাৰী সংস্থাই সংবাদমেল পাতি এই হুংকাৰ দিছে। ইয়াৰ বাবে অহা ২৯ অক্টোবৰ সময়সীমা বান্ধি দিয়ে এনএইচএমৰ কৰ্মচাৰী সংস্থাই।

কাজিৰঙাৰ শ্বহীদ বেজা বৈঞ্চৱ কহঁৰা আদৰ্শ চিকিৎসালয় প্ৰাংগনত সংবাদমেল পাতি নিৰ্দিষ্ট সময়ৰ ভিতৰত চৰকাৰে দাবী পূৰণ নকৰিলে ৰাজ্যৰ স্বাস্থ্যসেৱা অচল হৈ পৰিব বুলি এনএইচএমৰ কৰ্মচাৰী সংস্থাই উল্লেখ কৰে। দাবী পূৰণৰ অৰ্থে প্ৰায় ২০ হাজাৰ কৰ্মচাৰীয়ে আন্দোলনৰ হুংকাৰ দিছে। অনিৰ্দিষ্ট কাললৈ এইসকল কৰ্মচাৰীয়ে আন্দোলনৰে বিকল কৰিব চৰকাৰী চিকিৎসা সেৱা। ২৯ অক্টোবৰৰ পৰাই গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ দিয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এন এইচ এম, অসমৰ কৰ্মচাৰী সন্থাই৷

সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই কয় যে ২০০৫ চনত অসমত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ যোগেদি কৰ্মচাৰীসকলে বিগত প্রায় বিশটা বছৰ ধৰি প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ কমোৱাৰ লক্ষ্যৰে সমাজখন সুৰক্ষা দিয়াৰ স্বাৰ্থত নিজকে উৎসর্গা কৰি আহিছে। কিন্তু ঠিকাভিত্তিক ভাৱে নিয়োজিত এই কৰ্মচাৰীসকলে সম্প্ৰতি অত্যধিক কামৰ হেঁচা আৰু মানসিক চাপৰ মাজতো কার্যনির্বাহ কৰিব লগা হৈছে। সন্থাৰ নেতৃত্বই সংবাদমেলতে আক্ষেপ প্ৰকাশ কৰি কয়, কৰ্মচাৰীসকলৰ কিছুমান মূল দাবী সমাধানৰ বাবে চৰকাৰী আজিকোপতি কোনো পক্ষই কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। বাৰে বাৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিও চৰকাৰৰ গা লৰাব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰে কৰ্মচাৰীসকলে।যদিও আন্দোলন কাৰ্যসূচীৰ তেওলোক পক্ষপাতি নহয় কিন্তু উপায়ন্তৰ হৈ আন্দোলনৰ বাবে সাজু হৈছে কৰ্মচাৰীসকল।

উল্লেখ্যে যে ইয়াৰ পূৰ্বেও ৩১ মার্চ, ২০২৫ ত চৰকাৰক সকীয়াই আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছিল কৰ্মচাৰীসকলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande