তিনিচুকীয়া, ১৯ অক্টোবৰ (হি.স.): শৰতৰ শীতল স্নিগ্ধ ৰূপত শেৱালিৰ মিঠা সুৱাসৰ মাজত আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা দেওবাৰে কাতি বিহু বা কঙালী বিহু পালন কৰা হয়। এই সময়ত উদং হৈ পৰা ভঁৰাল, সেউজীয়া পথাৰত শস্যৰ আগমনৰ চাকি-বন্তি জ্বলাই আদৰণি জনোৱা হয়। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে।তিনিচুকীয়া জিলাৰ দিহিঙীয়া গাঁৱত পালন কৰিলে কাতি বিহু।তুলসীজুপিৰ তলত চিকুণতাৰে জ্বলিল মিঠাতেলৰ সুৱাস মাটি চাকি গছি । কাতি বিহুৰ সমান্তৰাল ভাৱে চহা কৃষিজীৱী ৰাইজে যোৱা কালি সন্ধিয়া শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায়। ১০১ গছি চাকি জ্বলাই, আইসকলে পৰম্পৰাগত লক্ষিমী খেৰীৰে তিনিচুকীয়া জিলাৰ দিহিঙীয়া গাৱঁত পালন কৰিলে কাতি বিহু।
দিহিঙীয়া গাৱঁত যুৱক সংঘ আৰু মহিলা সমিতিৰ উদ্যোগত আজি চহা কৃষিজীৱী ৰাইজে পালন কৰে এই কাতি বিহু। কাতি বিহু স্থলীৰ পৰা অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ নিৰপেক্ষ তদন্ত কৰি ন্যায় দিবলৈ অসম চৰকাৰক আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ