শিৱসাগৰ, ১৯ অক্টোবৰ (হি.স.): অসমীয়া জাতিৰ হৃদস্পন্দন তিনিটি বিহুৰ অন্যতম কাতি বিহু শনিবাৰে উদযাপন কৰা হয়। সমগ্ৰ ৰাজ্যতে প্ৰতিজন অসমীয়াই পালন কৰে কাতি বিহু। লোকাচাৰ আৰু পৰম্পৰাৰে ৰাজ্যখনৰ লগতে শিৱসাগৰ জিলাতো কালি সন্ধিয়া পালন কৰা হৈছে কাতি বিহু।
শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ আহোমলেণ্ড গাঁৱৰ ৰাইজে সমূহীয়াকৈ পালন কৰিলে কাতি বিহু। কৃষিভিত্তিক উৎসৱ কাতি বিহুৰ দিনটোত তুলসী তলত বন্তি জ্বলাই কৃষক ৰাইজে পথাৰৰ খেতিডৰা কুশলে মঙ্গলে থকাৰ বাবে প্ৰাৰ্থনা জনালে । আকাশ বন্তি প্ৰজ্বলন কৰি বছৰৰ কষ্টৰ ফচল পোক পতংগৰ পৰা কুশলে থকাৰ পৰম্পৰা পালন কৰিলে আহোমলেণ্ড গাঁৱৰ ৰাইজে।
সমান্তৰালভাবে কঙালী বিহুৰ দিনটোত সমগ্ৰ অসমীয়া জাতিক নিঠৰুৱা কৰি গুচি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰাৰ লগতে আত্মাৰ সদগতিৰ হকে প্ৰাৰ্থনা জনালে ৰাইজে। মাটিৰ চাকিৰ পৰিৱৰ্তে পথাৰত বিজ্ঞানসন্মত দৃষ্টিভংগীৰে ব্যৱহাৰ কৰা হয় অমিতাৰ চাকি। কাতি বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ এক প্ৰচেষ্টা পৰিলক্ষিত হল শিৱসাগৰ জিলাত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ